/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/g-cccccccccccccccc.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে পুৱাই আহি বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয়হি। বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ নেতৃত্বই উষ্ম আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/b19bf7f7-bd72-4a76-97b4-ae85607a9794-1024x1024.jpg)
তাৰ পাছত বৰঝাৰৰ পৰা পোনে পোনে প্ৰিয়ংকা গান্ধী যায় মা কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰত আশীষ গ্ৰহণ কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, এইবাৰ অসমত কংগ্ৰেছে ভাল ফলাফল লাভ কৰিব। প্ৰিয়ংকা গান্ধী দুদিনীয়া ভ্ৰমণসূচী সবিশেষ এনেধৰণৰ-
১মাৰ্চ, ২০২১
১মাৰ্চ, পুৱা ৬.৩০বজাতঃ দিল্লীৰ পৰা গুৱাহাটীৰ অভিমুখে ৰাওনা
১মাৰ্চ, পুৱা ৮.৩০বজাতঃ বৰঝাৰ বিমান বন্দৰত উপস্থিত।
১মাৰ্চ, পুৱা ৯.১৫বজাতঃ কামাখ্যা মন্দিৰ দৰ্শন
১মাৰ্চ, পুৱা ৯.৪৫বজাতঃ কামাখ্যা মন্দিৰৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ ৰাওনা
১মাৰ্চ, পুৱা ১০.৩০বজাতঃ লখিমপুৰ অভিমুখে ৰাওনা
১মাৰ্চ, পুৱা ১১.১০ বজাতঃ লীলাবাৰী বিমান বন্দৰত অৱতৰণ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/8cd982ed-5dda-4ad8-9a0c-4e1b3a5f4cdd-1024x1024.jpg)
১মাৰ্চ, পুৱা ১১.১০-১১.৩০ বজাতঃ সোণাৰি গাওঁ পঞ্চায়ত ভ্ৰমণ
১মাৰ্চ, দিনৰ ১২.৩০ বজাতঃ কংগ্ৰেছৰ কৰ্মকতা আৰু জ্যেষ্ঠ নেতাৰ সৈতে সভা। এই সভা অনুষ্ঠিত হব উত্তৰ লখিমপুৰ খেলপথাৰত।
১মাৰ্চ, দিনৰ ৩.০০-৩.৫০ বজাতঃ উপস্থিত হবগৈ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত।
১মাৰ্চ, দিনৰ ৩.৩০ৰ পৰা বিয়লি ৫.০০ বজাতঃ গহপুৰত উপস্থিত হৈ কনকলতা বৰুৱা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আন অনুষ্ঠান। চাহ বাগানৰ শ্ৰমিকৰ সৈতেও বাৰ্তালাপ।
১মাৰ্চ, সন্ধিয়া ৬.৩০ বজাতঃ উপস্থিত হবগৈ বিশ্বনাথ চাৰিআলিত।
২মাৰ্চ, ২০২১
নিশা পাৱাৰ গ্ৰীডৰ গেষ্ট হাউচত কটাব প্ৰিয়ংকা গান্ধীয়ে। দ্বিতীয় দিনাৰ উল্লেখযোগ্য কাৰ্যসূচীসমূহ হ'ল-
২মাৰ্চ, পুৱা ৮.৪৫ বজাতঃ গেষ্ট হাউচৰ পৰা ৰাওনা ছাধাৰু চাহ বাগানৰ অভিমুখে।
২মাৰ্চ, পুৱা ৯.০০- ৯.৪৫ বজাতঃ বিশ্বনাথৰ চাধাৰু চাহবাগান পৰিদৰ্শন। চাহ শ্ৰমিক আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ।
২মাৰ্চ, পুৱা ১০.০০ বজাতঃ তেজপুৰ অভিমুখে গাড়ীৰে যাত্ৰা
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/7a7a13fe-dcac-4281-8a62-564118cb7952-1024x1024.jpg)
২মাৰ্চ, পুৱা ১১.৩০-১২.৩০ বজাতঃ মহাভৈৰৱ মন্দিৰ দৰ্শন
২মাৰ্চ, দিনৰ ১.০০-২.৩০ বজাতঃ তেজপুৰৰ মেগা ৰেলীত অংশগ্ৰহণ
২মাৰ্চ, দিনৰ ৩.০০ বজাতঃ তেজপুৰ বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে উভতনি যাত্ৰা।