মা কামাখ্যাৰ আৰ্শীবাদ লৈ ৰাজীৱ ভৱনত সোমাব প্ৰিয়ংকা গান্ধী...

নিৰ্বাচনৰ প্রার্থী বাছনি প্রক্রিয়া ক্রমাৎ আগুৱাইছে কংগ্রেছে। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব স্ক্রীনিং কমিটীৰ অধ্যক্ষ তথা ৱায়ানাড লোকসভা সমষ্টিৰ সাংসদ প্রিয়ংকা গান্ধী। অসমত উপস্থিত হৈয়েই প্রিয়ংকা গান্ধীয়ে

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (8)

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্রার্থী বাছনি প্রক্রিয়া ক্রমাৎ আগুৱাইছে কংগ্রেছে। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব স্ক্রীনিং কমিটীৰ অধ্যক্ষ তথা ৱায়ানাড লোকসভা সমষ্টিৰ সাংসদ প্রিয়ংকা গান্ধী। অসমত উপস্থিত হৈয়েই প্রিয়ংকা গান্ধীয়ে পুৱাৰ ভাগত মা কামাখ্যা মন্দিৰত সেৱা জনাই আশীৰ্বাদ ল'ব আৰু ৰাজীৱ ভৱনলৈ আহি দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজাপর্যন্ত স্ক্রীনিং বিষয়ক কাম-কাজত ব্যস্ত হৈ পৰিব।

আজি গোটেই দিনটো প্রিয়ংকা গান্ধী আৰু স্ক্রীনিং কমিটীৰ আন সদস্যসকলে ব্লক কংগ্ৰছ, কংগ্ৰেছৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন আৰু কার্যকর্তাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। প্ৰথমবাৰৰ বাবে অসমত এইধৰণে প্রার্থিত্ব প্রদানৰ বাবে স্ক্রীনিঙৰ ব্যৱস্থা কৰা হৈছে।

স্ক্রীনিং কমিটীৰ অধ্যক্ষ হিচাপে নির্বাচন শেষ নোহোৱা পর্যন্ত একাধিকবাৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহি থাকিব আৰু অসমবাসীৰ মনৰ বুজ ল'বলৈ চেষ্টা অব্যাহত ৰাখিব। যোৱা বুধবাৰৰ সংবাদমেলত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে স্ক্রীনিং যিমান সোনকালে পাৰি সিমান সোনকালে শেষ কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্রয়াস চলোৱা হ'ব।

সাংসদ গৌৰৱ গগৈয়ে লগতে জনায় যে,  আমি বিভিন্ন সময়ত কেন্দ্রীয় নেতৃত্বৰ লগত আলোচনা কৰিছো। তেওঁলোকে আমাক পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ প্রার্থী তালিকা এই মাহৰ শেষৰফালে প্রকাশিত হ'ব লাগে। ৰাজ্যিক স্তৰৰ কামখিনি শেষ হ'লেই আমি যেতিয়াই বিচাৰো তেতিয়াই আমাৰ দলৰ কেন্দ্রীয় নেতৃত্বই প্রার্থী তালিকা সন্দৰ্ভত আলোচনা কৰি সেয়া চূড়ান্ত কৰিবলৈ সাজু হৈ আছে।

প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে সদৰি কৰে যে,  প্রথম পৰ্যায়ত ৮৬টা সমষ্টিৰ প্রার্থী তালিকা ফেব্ৰুৱাৰী মাহৰ শেষৰফালে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। নির্বাচনী প্রস্তুতিৰ ক্ষেত্রত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে। বিজেপি-অগপ-বি পি এফ-ইউ পি পি এলতকৈ সম্ভাৱনাপন্ন বিৰোধী দলসমূহৰ সৈতে বিৰোধীৰ মিত্রতাও আগুৱাই আছে। 

প্ৰিয়ংকা গান্ধী