বিষ্ণু ৰাভাক বিক্ৰী কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ অপচেষ্টা পুত্ৰ পৃথ্বীৰাজৰ

ষ্ণু ৰাভাৰ আন এজন পুত্ৰ হেমৰাজ ৰাভাৰ সৈতে অসমীয়া প্ৰতিডিন ডিজিটেলে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, বিষ্ণু ৰাভা মুৰ্খ নাছিল। ৰাভাক এনেদৰে ব্যৱহাৰ কৰি কোনোবাই যদি ৰাজনীতি কৰিছে সেয়া ধিক্কাৰ আৰু গৰিহনাৰ যোগ্য বুলিও তেওঁ কয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-05 at 8.45.57 PM

ডিজিটেল সংবাদ,তেজপুৰঃ  অসমৰ সাংস্কৃতিক আৰু সমাজ জীৱনৰ জাতীয় পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাক ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বিক্ৰী কৰি দিলে পুত্ৰ পৃথ্বীৰাজ ৰাভাই। তেজপুৰ সমষ্টিৰ পৰা অগপৰ টিকটত বিধান সভালৈ নিৰ্বাচিত হৈ অহা বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজৰ শেহতীয়া এক মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ শতবৰ্ষ উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত আয়োজিত এক অনুষ্ঠানত অংশ লৈ পৃথ্বীৰাজ ৰাভাই ক'লে- "মোৰ মনত পৰে মই যেতিয়া তেজপুৰ একাডেমী স্কুলত পঢ়ি আছিলো,তেতিয়াৰ স্কুলখনৰ আমাৰ শিক্ষাগুৰু নৰেন্দ্ৰ দেৱ শাস্ত্ৰী, যিগৰাকীৰ নামতে আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই এই সোঁৱৰণী মঞ্চ আগবঢ়াইছে; তেখেতে তেজপুৰ একাডেমী স্কুলৰ সমুখত আবেলি সময়ত আৰ এছ এছৰ শাখাৰ কুচকাৱাজ কৰাইছিল। মোৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক বাৰে বাৰে কৈছিল, নৰেনে এনেকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কুচকাৱাজ কৰে,লাঠি প্ৰদৰ্শন কৰে, তয়ো এই শিক্ষা ল'বি। তেতিয়া মই ঘৰলৈ গৈ কিতাপ থৈ,খাদ্য খায় আকৌ দৌৰি আহি আৰ এছ এছৰ শিক্ষা লৈছিলো। আজি বহু বছৰৰ মূৰত আৰ এছ এছৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰা বাবে মই প্ৰতিগৰাকী বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।"

কাৰ্যতঃ পিতৃ বিষ্ণু ৰাভাই তেওঁক আৰ এছ এছৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ শিশু কালতে এনে পৰামৰ্শ দিয়া বুলি কৰা মন্তব্য যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হে সেয়া বিজ্ঞ সকলে বুজি পাইছে। 

আনহাতে, কলাগুৰু সাম্যবাদী চেতনাৰে অনুপ্ৰাণিত হৈ জুবিন গাৰ্গে যিজন মহাপুৰুষক গুৰুৰূপে মানি লৈছিল সেই জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ৰাজ্যবাসী ডুব গৈ থকা সময়ত বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ এনে মন্তব্যই বিষ্ণু ৰাভাকে চৰম অপমানিত কৰা বুলিও চৰ্চা চলিছে।

ইফালে বিষ্ণু ৰাভাৰ আন এজন পুত্ৰ হেমৰাজ ৰাভাৰ সৈতে অসমীয়া প্ৰতিডিন ডিজিটেলে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, বিষ্ণু ৰাভা মুৰ্খ নাছিল। ৰাভাক এনেদৰে ব্যৱহাৰ কৰি কোনোবাই যদি ৰাজনীতি কৰিছে সেয়া ধিক্কাৰ আৰু গৰিহনাৰ যোগ্য বুলিও তেওঁ কয়।

স্বাধীনতাকে মানি নোলোৱা ৰাভাই যি বিপ্লৱী ধাৰাত বিশ্বাসী আছিল সেই ধাৰাত কেতিয়াও সাম্প্ৰদায়িকতাৰ স্থান নাছিল। পৃথ্বীৰাজ ৰাভাই সেই সময়ত কোন শ্ৰেণীত পঢ়ি আছিল বুলি প্ৰশ্ন কৰি হেমৰাজ ৰাভাই লগতে কয়, হয়তো তেওঁ এই শিক্ষাগুৰু জনৰ ওচৰত শিক্ষা সম্পৰ্কীয় পাঠ গ্ৰহনৰ বাবেহে গৈছিল। কেতিয়াও তেওঁ আৰ এছ এছৰ শিক্ষা ল' গৈ বুলি কোৱা নাছিল।

বিষ্ণুপ্ৰসাদ ৰাভা