কাৰাগাৰ নহয়, এইবাৰ হেণ্ডকাপ সহ হাস্পতালৰ পৰা পলায়ন কয়দীৰ...

কয়দী জন দলগাঁও থানাৰ অন্তৰ্গত খৈৰাকাতা গাঁৱৰ। দুধৰ্ষ আব্দুল কাদিৰৰ নামত দলগাঁও থানাত  Case no 92/20 US 118(2)/126(2)/3(5)BNS 2 কেচ ৰুজু হৈ আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মঙলদৈঃ  মঙলদৈত অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰিলে এজন কয়দীয়ে। হেণ্ডকাপ সহ মঙলদৈ অসামৰিক চিকিৎসালয় পৰা সোমবাৰে ৰাতি ৩ মান বজাত পলায়ন কৰিলে আব্দুল কাদিৰ নামৰ ৪০ বছৰীয়া কয়দী এজনে।

কয়দী জন দলগাঁও থানাৰ অন্তৰ্গত খৈৰাকাতা গাঁৱৰ। দুধৰ্ষ আব্দুল কাদিৰৰ নামত দলগাঁও থানাত  Case no 92/20 US 118(2)/126(2)/3(5)BNS 2 কেচ ৰুজু হৈ আছিল। জানিব পৰা মতে, কয়দী জন প্ৰচাবৰ সমস্যাৰ বাবে যোৱা ২৮ চেপ্টেম্বৰত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

দুধৰ্ষ চোৰ আব্দুল কাদিৰক চিকিৎসালয়ৰ পুৰুষ কক্ষৰ ৪(চাৰি )নং বিচনাত ৰখা হৈছিল।
দুজন গৃহৰক্ষী জোৱানে পহৰা দি ৰাখিছিল আব্দুলক। কিন্তু পহৰা দি থকা গৃহৰক্ষী জোৱানৰ টোপনিৰ সুযোগ লৈ প্ৰায় পুৱতি নিশা পলায়ন কৰে আব্দুল কাদিৰে। দৰং আৰক্ষীয়ে পলাতক কয়দী জনক বিচাৰি আছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ পোৱা নাই।

মঙলদৈ কয়দী