/asomiyapratidin/media/media_files/2025/09/29/team-india-2025-09-29-12-40-04.jpg)
ডিজিটেল ডেস্ক : পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ দখল কৰিলে টীম ইণ্ডিয়াই। দেওবাৰে ডুবাইত নৈশলোকত অনুষ্ঠিত মেচখনত ভাৰতে ৫ উইকেটৰ ব্যৱধানত চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি খিতাপ দখল কৰে।
ভাৰতৰ এই সাফল্যত সমগ্ৰ দেশবাসীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও জনাইছে অভিনন্দন। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীয়ে ‘অপাৰেচন সিন্দূৰ’ বুলি হেজটেগ দি কৈছে খেলপথাৰতো ভাৰতৰ বিজয়।আমাৰ ক্ৰিকেটাৰসকলক অভিনন্দন।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কালিৰ চূড়ান্ত মেচখনত পোনতে বেট ধৰি পাকিস্তানে ১৪৬ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ভাৰতে ৫টা উইকেটৰ বিনিময়ত ১৫০ ৰান সংগ্ৰহ কৰি বিজয়ী হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us