ডিজিটেল ডেস্কঃ মঙলবাৰে বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ মন্তব্য ৰাখিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ'ব গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল।