বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰধানমন্ত্ৰী মোডীয়ে

বেগম খালেদা জিয়াৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰি মই গভীৰভাৱে চিন্তিত হৈছো। তেওঁৰ আশু আৰোগ্যৰ বাবে আমি কামনা কৰিছো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বি এন পি (বাংলাদেশ নেচনেলিষ্ট পাৰ্টি)ৰ অধ্যক্ষা বেগম খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা সদিচ্ছাৰ ইংগিত আৰু সমৰ্থনক লৈ বি এন পিয়ে গভীৰ কৃতজ্ঞতা ব্যক্ত কৰিছে।

দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ৮০ বছৰীয়া জিয়াক শেহতীয়াকৈ চিকিৎসালয়ৰ ক'ৰ'নেৰী কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁক বৰ্তমান ভেণ্টিলেচনত ৰখা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে খালেদা জিয়াৰ স্বাস্থ্যৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে জিয়াই বাংলাদেশৰ ৰাজহুৱা জীৱনলৈ আগবঢ়োৱা অৱদানক ভাৰতে স্বীকাৰ কৰে।

মোডীয়ে তেওঁৰ বাৰ্তাত কয়, 'বেগম খালেদা জিয়াৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰি মই গভীৰভাৱে চিন্তিত হৈছো। তেওঁৰ আশু আৰোগ্যৰ বাবে আমি কামনা কৰিছো। ভাৰত যিকোনো প্ৰকাৰে সকলো ধৰণৰ সম্ভৱপৰ সহায় আগবঢ়াবলৈ সাজু আছে।"

নৰেন্দ্ৰ মোডী