চীন ভ্ৰমণৰ বাবে সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশ্বৰ ৰাজনীতিত চলি থকা চাঞ্চল্যৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ চীন ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা চমুকৈ SCOৰ শীৰ্ষ সন্মিলনৰ বাবে দেশখনলৈ

author-image
Asomiya Pratidin
New Update
30

ডিজিটেল ডেস্ক : বিশ্বৰ ৰাজনীতিত চলি থকা চাঞ্চল্যৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ চীন ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা চমুকৈ SCOৰ শীৰ্ষ সন্মিলনৰ বাবে দেশখনলৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী। 

আমেৰিকাৰ পৰা হেঁচা বৃদ্ধি পোৱাৰ মাজতে মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা গৈছে। কিয়নো ভাৰতৰ দৰে চীনেও আমেৰিকাৰ শুল্ক ভাবুকিৰ সন্মুখী হৈ আহিছে। 

উল্লেখযোগ্য যে, প্ৰায় ৭ বছৰ মূৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুনত মোদীয়ে কিংদাঅত অনুষ্ঠিত হোৱা SCOৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হৈছিল। মোদীৰ এই ভ্ৰমণে এতিয়া বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

নৰেন্দ্ৰ মোদী