ছেপ্টেম্বৰত ট্ৰাম্পক পুনৰ লগ ধৰিবলৈ যাব মোডী...

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ সময়তে চৰ্চা চলিছে যে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাত কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অহা ছেপ্টেম্বৰ মাহতে আমেৰিকাত এই সাক্ষাতৰ দিন-

author-image
Asomiya Pratidin
New Update
trumo

ডিজিটেল ডেস্কঃ আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ সময়তে চৰ্চা চলিছে যে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাত কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অহা ছেপ্টেম্বৰ মাহতে আমেৰিকাত এই সাক্ষাতৰ দিন-বাৰ ঠিক কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশিত হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ সন্মিলন-২০২৫ এইবাৰ নিউয়ৰ্কত অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশ লোৱাৰ বাবে যাওতেই মোডীয়ে সাক্ষাত কৰিব পাৰে ট্ৰাম্পক। যদিহে এই সাক্ষাত সম্পন্ন হয়, তেন্তে বিগত ৭মাহৰ ভিতৰত এয়া হব দুয়োগৰাকী বিশ্ব নেতাৰ দ্বিতীয়টো সাক্ষাত। 

অৱশ্যে এই বিষয়টোক লৈ এতিয়ালৈকে ভাৰতৰ বিদেশ মন্ত্ৰালয় বা আমেৰিকাৰ হোৱাইট হাউচে কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই। 

ডোনাল্ড ট্ৰাম্প নৰেন্দ্ৰ মোডী