প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে থলুৱা ৪জি ষ্টেক আৰু এক লাখ বিএছএনএল টাৱাৰ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাৰ পৰা ভাৰতৰ সম্পূৰ্ণ থলুৱা ৪জি ষ্টেক আৰু এক লাখ বিএছএনএল ৪জি টাৱাৰ উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
sdfssdsdsadas

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাৰ পৰা ভাৰতৰ সম্পূৰ্ণ থলুৱা ৪জি ষ্টেক আৰু এক লাখ বিএছএনএল ৪জি টাৱাৰ উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ পৰা ভাৰ্চুৱেলি কাৰ্যসূচীত যোগদান কৰি এই সাফল্যৰ ঐতিহাসিক তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰে। 

এই কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ বিএছএনএলে নিজাকৈ থলুৱা ৪জি ষ্টেক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে আৰু লক্ষণীয়ভাৱে মাত্ৰ ২২ মাহৰ ভিতৰতে ভাৰতে নিজৰ ৪জি ষ্টেক সফলতাৰে নিৰ্মাণ কৰা পাঁচখন ৰাষ্ট্ৰৰ বিশ্বৰ অভিজাত গোটত যোগদান কৰিছে। টেলিকমিউনিকেচন খণ্ডত ভাৰতে বিশ্বব্যাপী আগশাৰীৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে সমগ্ৰ দেশৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত।’

WhatsApp Image 2025-09-27 at 10.41.35 PM

ইফালে, আজি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে কেইবাখনো ৰাজ্যত থলুৱা ৪জি টাৱাৰ উদ্বোধন কৰা হয়। ওড়িশাত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডু, চন্দ্ৰশেখৰ পেম্মাছানীৰ লগতে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত আছিল।

লগতে ভাৰ্চুৱেলী মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাওছাহেব নিখিল খাদছে, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছ, আৰু উপ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু অজিত পাৱাৰে অংশগ্ৰহণ কৰে। ৰাজস্থানৰ পৰা ভাৰ্চুৱেলী যোগদান কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই; অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে; গুজৰাটত কেন্দ্ৰীয় মন্ত্ৰী মানসুখ মাণ্ডবিয়া, মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু বিহাৰত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অংশগ্ৰহণ কৰে।

WhatsApp Image 2025-09-27 at 10.41.36 PM

সিন্ধিয়াই প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক প্ৰশংসা কৰি উল্লেখ কৰে যে, “যেতিয়া বিশ্বজুৰি ২জি, থ্ৰীজি, আৰু ৪জিৰ উত্থান ঘটিছিল, তেতিয়া ভাৰতে বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিছিল।আজি বিএছএনএলৰ বিশেষজ্ঞতাই ইয়াক ওলোটা কৰি ভাৰতক বিশ্বব্যাপী টেলিকম উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।” ক্লাউড ভিত্তিক, ৫জি-উন্নীতযোগ্য স্বদেশী ষ্টেকে ২ কোটিৰো অধিক নাগৰিকক সেৱা আগবঢ়ায় আৰু পূৰ্বতে সেৱা নোপোৱা প্ৰায় ৩০,০০০ গাঁও সংযোগ কৰে।

উল্লেখযোগ্য যে, বিএছএনএলৰ ৩৭,০০০ কোটি টকাৰ পদক্ষেপে ৯৭,৫০০টা টাৱাৰ নিয়োগ কৰিছে, ইয়াৰে ৯২,৬৩৩টা কাৰ্যক্ষম, যিয়ে দূৰৱৰ্তী, জনজাতীয়, আৰু পাহাৰীয়া অঞ্চলসমূহৰ সংযোগৰ পৰিৱৰ্তন ঘটাইছে। ৫জি প্ৰস্তুতিৰ বাবে সজ্জিত এই টাৱাৰসমূহে ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোগী, আৰু সশস্ত্ৰ বাহিনীক উপকৃত কৰে।

ইফালে ২০২৪ চনৰ এপ্ৰিল মাহত গ্ৰাহকৰ বৃদ্ধি ৭৮ লাখৰ পৰা ২.২ কোটিলৈ বৃদ্ধি পাইছে, য’ত একেৰাহে ২৮০ কোটি টকা (জানুৱাৰী-মাৰ্চ বিত্তীয় বৰ্ষ ২৫) আৰু ২৬১ কোটি ₹ (Q3 FY25) লাভ হৈছে, যাৰ সহায়ত ২৫,০০০ কোটি টকাৰ মূলধন প্ৰৱেশ। সিন্ধিয়াই দৃঢ়তাৰে কয়, ‘এয়া ভাৰতৰ প্ৰডাক্ট নেচন হিচাপে উজ্জ্বল হোৱাৰ মুহূৰ্ত।

WhatsApp Image 2025-09-27 at 10.41.36 PM (1)

আনহাতে, ডিজিটেল ভাৰত নিধিয়ে ২৭,১০৬টা লক্ষ্য টাৱাৰৰ ভিতৰত ১৯,৮২৩টা টাৱাৰ সক্ৰিয় কৰি আকাংক্ষিত জিলা, উত্তৰ-পূব অঞ্চল, সীমান্তৱৰ্তী অঞ্চল, আৰু এল ডব্লিউ ই জ’নৰ ২৬,৩২৭খন গাঁও আৰু প্ৰায় ২০ লাখ পৰিয়ালক সংযোগ কৰিছে। ২০২৫ চনৰ আগষ্ট মাহত এই টাৱাৰসমূহে ৪২,৭৭৩ টিবি ডাটা ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিছিল, প্ৰতিজন গ্ৰাহকৰ গড়ে ২১ জিবি। সিন্ধিয়াই উল্লেখ কৰে যে, “দূৰৱৰ্তী ওড়িশাৰ পৰা পাহাৰীয়া অসমলৈকে ডিবিএনে শিক্ষা, স্বাস্থ্যসেৱা, আৰু শাসন ব্যৱস্থাই প্ৰতিটো দুৱাৰমুখত উপনীত হোৱাটো নিশ্চিত কৰে, শাৰীৰ শেষৰজন নাগৰিকক শক্তিশালী কৰি তোলে।”

সমান্তৰালভাৱে, সিন্ধিয়াই ৫জি আৰু ৬জি নেতৃত্বৰ বাবে ভাৰতক স্থান দিয়াৰ ক্ষেত্ৰত বিএছএনএলৰ ভূমিকাক আলোকপাত কৰে, য’ত থলুৱা ষ্টেকটো বিশ্বব্যাপী ৰপ্তানিৰ বাবে সাজু হৈছে, যিয়ে বসুধৈৱ কুটুম্বকমক প্ৰতিফলিত কৰে। তেওঁ কয়, ‘পিএম মোডীৰ দৃষ্টিভংগীয়ে ভাৰতক ডিজিটেল বিশ্বগুৰু কৰি তুলিছে, য’ত বিশ্বব্যাপী ডিজিটেল লেনদেনৰ ৫০% ইউপিআইৰ দ্বাৰা চালিত। ৰাজ্য-কেন্দ্ৰীয় সহযোগিতাৰে এই পদক্ষেপে ২০৪৭ চনৰ ভিতৰত এক সুৰক্ষিত, দক্ষ, আৰু বিক্ষিত ভাৰতৰ পথ প্ৰশস্ত কৰে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

বিএছএনএল