/asomiyapratidin/media/media_files/2026/01/02/dsadawsdasas-2026-01-02-23-50-17.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ অচিৰেইকলিয়াবৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কলিয়াবৰ তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় পথৰ কাষৰ মৌছন্দা পথাৰত উপস্থিত হৈ সম্বোধন কৰিব বিশাল জনসভা। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপন কৰিব সাত হাজাৰ কোটিটকীয়া কাজিৰঙা এলিভেটেড কৰিড'ৰৰ। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ কুঁৱৰীটোলস্থিত কাৰ্যালয়ত এই উদ্দেশ্যে শুক্ৰবাৰে অনুষ্ঠিত হয় অগপ-বিজেপি দলৰ বৈঠক।
এই বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক কৃষ্ণকমল তাঁতী, শিবু মিশ্ৰ, ৰূপক শৰ্মা,
শশীকান্ত দাস আৰু দিপ্লু ৰঞ্জন শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰস্তুতি বৈঠকত নগাঁও, হোজাই, গোলাঘাট আৰু শোণিতপুৰৰ অগপ-বিজেপিৰ প্ৰতিনিধিসকলে অংশ লয়। আনকি মন্ত্ৰীত্ৰয়ৰ সৈতে বিধায়ক সকলে মৌচন্দা পথাৰ পৰিদৰ্শন কৰি পৰিবেশ আৰু পৰিস্থিতি অধ্যয়ন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-2026-01-02-23-49-25.jpeg)
ইফালে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী কেশৱ মহন্তই এক বিশেষ বৈঠকত মিলিত হয়। কলিয়াবৰ সমজিলা প্ৰশাসনৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক খন। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী।
এই বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই অহা ১৫ জানুৱাৰীৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে ফ’ৰলেন দাবী সমিতিক মিলিত হোৱাৰ আশ্বাস প্ৰদান কৰে । উল্লেখযোগ্য যে¸ কলিয়াবৰ তিনিআলিৰ পৰা কুঁৱৰীটোল-হাটবৰ-জখলাবন্ধাৰ মাজেৰে ফ’ৰলেন নিৰ্মানৰ দাবীত ফ'ৰলেন দাবী সমিতিয়েবিগত তিনি বছৰে বিভিন্ন পৰ্যায়ৰ আন্দোলন কৰি আহিছে যদিও দাবী পূৰণ নোহোৱা পৰ্যন্ত অটল আছে কলিয়াবৰ ফ’ৰলেন দাবী সমিতি। সেয়ে প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনৰ সময়ত কোনো ধৰণৰ আন্দোলন নকৰাৰো আশ্বাস দিয়ে ফ’ৰলেন দাবী সমিতিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-imag-2026-01-02-23-49-40.jpeg)
আজিৰ বৈঠকত ফ'ৰলেন দাবী সমিতিৰ হৈ সম্পাদক প্ৰদীপ লস্কৰ, বিপুল হাজৰিকা, লেখনাথ শৰ্মা, শুভম দামাই, গুৰু প্ৰসাদ নেওৱাৰ, আছুৰ মৃগাংক শেখৰ ভড়ালী হাজৰিকা, চিন্ময় বৰা, কলিয়াবৰ যুৱ ছাত্র পৰিষদৰ মৃগাংক বৰা, অৰ্পণ ভূঞা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us