প্রধানমন্ত্রী মোডীক ওমানৰ সর্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্রদান...

ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পর্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্রধানমন্ত্রীয়ে এই সন্মান উৎসর্গা কৰা বুলি প্রকাশ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি প্রধানমন্ত্রী নৰেন্দ্র মোডীক ওমানৰ মাস্কাটৰ ৰাজপ্রসাদত দেশখনৰ সর্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্ৰদান কৰা হয়।ভাৰত আৰু ওমানৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে ওমানৰ ছুলতান হেইথম বিন টাৰিকে প্ৰধানমন্ত্ৰী মোডীক এই সন্মান প্রদান কৰে।

উল্লেখযোগ্য যে, ওমান ভ্রমণৰত প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ এই সময়ছোৱাতে দুয়োখন দেশৰ কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পর্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্রধানমন্ত্রীয়ে এই সন্মান উৎসর্গা কৰা বুলি প্রকাশ কৰে।

ইয়াৰ পূর্বে দুয়োখন দেশে আজি অর্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰা সংহত অর্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোবেল আৰু ওমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী কুৰেছ আল ইউছুফে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ওমানৰ চুলতান হেইথম বিন তাৰিকৰ উপস্থিতিত স্বাক্ষৰ কৰে।

 প্রধানমন্ত্রীয়ে ৰাজভবনতে আজি দুয়োদেশৰ পাৰস্পৰিক স্বার্থ জড়িত বিষয়সমূহো আলোচনা কৰে। তেওঁলোকে ভাৰত আৰু ওমানৰ কৌশলগত অংশীদাৰিত্ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।

নৰেন্দ্ৰ মোডী