'The Great Honor Nishan of Ethiopia’বঁটাৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ইথিওপিয়াৰৰ ভূমিত আপোনালোক সকলোৰে মাজত থকাটো মোৰ বাবে সৌভাগ্যৰ কথা। ইথিওপিয়াত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ লোকসকলে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ।

author-image
Asomiya Pratidin
New Update
new ap web 1 (30)

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইথিওপিয়াত দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘The Great Honor Nishan of Ethiopia’বঁটাৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীক এই সন্মান প্ৰদান কৰে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে। 

1d69aa9a-27fb-4030-a7c8-4536ee8b33cd

উল্লেখ্য যে, এই বঁটা লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে- ইথিওপিয়াৰৰ ভূমিত আপোনালোক সকলোৰে মাজত থকাটো মোৰ বাবে সৌভাগ্যৰ কথা। ইথিওপিয়াত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ লোকসকলে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ । ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ পৰা মোক আদৰিবলৈ আহিছিল। সচাঁকৈ মই আপ্লুত হ'লো। লগতে এই সন্মানৰ বাবে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আৰু ইথিওপিয়াৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। 

219e9c27-bea1-4757-8482-d8a23b15d475

নৰেন্দ্ৰ মোডী