/asomiyapratidin/media/media_files/2025/08/02/ap-for-web1234-2025-08-02-14-21-51.jpg)
ডিজিটেল ডেস্ক : সংসদীয় সমষ্টি বাৰণসীত শনিবাৰে উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাত তেওঁ এখন বিশাল ৰাজহুৱা সভাত ভাগ লৈ সমষ্টিটোৰ উন্নয়ণৰ বাবে কেইবাকোটিটকীয়া প্ৰকল্পৰ শুভাৰম্ভ কৰে।
২, ১৮৪. ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগা ৫২ টা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত পথৰ আন্তঃগাঁথনি, ক্ৰীড়া, স্বাস্থ্যখণ্ড, পৰ্যটন, নগৰ উন্নয়ন আদিয়েই প্ৰধান।
তাৰোপৰি সমষ্টিটোৰ কৃষিখণ্ডৰ উন্নয়ণৰ বাবে সুকীয়াকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে তেওঁ এই ভ্ৰমণকালতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহায়ক সা- সঁজুলিও বিতৰণ কৰে।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণি স্থানীয় ভাষাত কৰাত সভাত উপস্থিত থকা হাজাৰ হাজাৰ লোক আপ্লুত হৈ পৰে। আজিৰ এই সভাত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্য, আন আন কেবিনেট মন্ত্ৰী তথা বিধায়কৰ লগতে ভালেসংখ্যক উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
➡️ Prime Minister @narendramodi lays foundation stone, inaugurates development projects worth around Rs 2200 crore in #Varanasi, Uttar Pradesh
— PIB India (@PIB_India) August 2, 2025
➡️ The projects cater to multiple sectors, including infrastructure, education, healthcare, tourism, urban development and cultural… pic.twitter.com/unpblvQOQa