/asomiyapratidin/media/media_files/2025/11/13/adddd-2025-11-13-00-01-48.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদত সংঘটিত হৈ থকা ব্যাপক কেলেংকাৰীক লৈ বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত সোনোৱাল কছাৰী গণমঞ্চ,অসম কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰে ৷
সোনোৱাল কছাৰী গণমঞ্চ,অসম কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোপাল সোনোৱালে সংবাদমেল সম্বোধন কৰি কয় যে ২০০৫ চনৰ পৰা ২০২৫-২৬ বিৰ্ত্তীয় বৰ্ষলৈ ৪৩৪ কোটি ৫৫ লাখ ২৩ টকা পৰিষদলৈ অহা পাছতো সোনোৱাল কছাৰী বাসী ৰাইজে কি পালে , কি নাপালে এক প্ৰশ্ন বিষয় হৈ আছে বুলি উল্লেখ কৰে।
২০২০-২০২১ আৰু ২০২৩- ২০২৪ বৰ্ষত দীপুৰঞ্জন মাক্ৰাৰী আৰু বৰ্তমানৰ টংকেশ্বৰ সোনোৱালৰ নেতৃত্বাধীন স্বায়ত্ত্বশাসিত পৰিষদৰ সময়চোৱাত এতিয়ালৈকে দুই কোটিতকৈ অধিক টকাৰ অস্তিত্বহীন আচঁনিৰ নামত ব্যাপক কেলেংকাৰী হোৱা গুৰুতৰ অভিযোগৰ বিষয়ে সংবাদমেলত অৱগত কৰে ৷
সংবাদমেলত সোনোৱাল কছাৰী গণমঞ্চ,অসম কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি বিনোদ সোনোৱাল, উপ- সভাপতি প্ৰিয় সোনোৱাল , কেন্দ্ৰীয় সমিতিৰ সম্পাদক ক্ৰমে টংকেশ্বৰ সোনোৱাল, যদুমনি বৰুৱা , ত্ৰিদিপ বৰুৱা ,ভাস্কৰজ্যোতি সোনোৱাল আৰু ধেমাজি পৰিষদীয় সমষ্টিৰ সম্পাদক আগম সোনোৱালে উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us