ডিমৰীয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সৰ্ববৃহৎ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা

পুৰুষ-মহিলা উভয়ে শাখাতে অনুষ্ঠিত হ'বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰিব ক্ৰমে ৫০,০০০ টকা, ৩০,০০০ আৰু ২০,০০০ টকা ।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ ডিমৰীয়াৰ মালয়বাৰীত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰাইজমানি হিচাপে থাকিব সৰ্বমুঠ তিনিলাখ টকা।মালয়বাৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা এই হাফ মাৰাথন দৌৰৰ লগতে অনুষ্ঠিত হ'ব ফান ৰাণ।

পুৰুষ-মহিলা উভয়ে শাখাতে অনুষ্ঠিত হ'বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰা হ'ব ক্ৰমে ৫০,০০০ টকা, ৩০,০০০ আৰু ২০,০০০ টকা লগতে ল'ৰা ছোৱালী উভ‌য় শাখাতে অন্য সাতগৰাকী প্ৰতিযোগীক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব।

ক্ষেত্ৰীত উদযাপন সমিতিৰ ক্ৰীড়া বিভাগে আয়োজন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে উদ্যোক্তাই। আনহাতে সংবাদমেলতে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থকা মণিপুৰৰ অলিম্পিয়ান থকছম অনুৰাধা, আন্তঃৰাষ্ট্ৰীয় এথলিট তৈবুন নেছা আৰু আন্তঃৰাষ্ট্ৰীয় মাৰাথনাৰ আব্দুল বাৰেক উপস্থিত থাকি দৌৰ প্ৰতিযোগিতাৰ কেপ আৰু টি-চাৰ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৮ জানুৱাৰীৰ কাহিলী পুৱা ৫ বজাত অনুষ্ঠিত হ'বলগীয়া এই খেলৰ উদ্ধোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ইতিমধ্যে অনলাইন যোগে সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ নিশ্চিত কৰা বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।

ডিমৰীয়া