বিজেপিক প্ৰতিহত কৰিবলৈ একত্ৰিত হ’ল কংগ্ৰেছ, অজাপ, চিপিআইএম, এপিএইছএলচি

জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত শনিবাৰৰে পৰা আৰম্ভ হ’ল বিৰোধী ঐক্যৰ উমৈহতীয়া যাত্ৰা।

author-image
Asomiya Pratidin
New Update
congrreeesss

ডিজিটেল সংবাদ, গুৱাহাটীঃ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হল বিৰোধী ঐক্যৰ উমৈহতীয়া যাত্ৰা। এই অনুযায়ী গুৱাহাটীৰ বেলতলাস্থিত গ্ৰীণউড হোটেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু এপিএইছএলচি দলৰ সভাপতি জন ইংতি কাথাৰে এখন উমৈহতীয়া সংবাদমেল সম্বোধন কৰে।

সংবাদমেলৰ আৰম্ভণিতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''বহাগ বিহুৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে সময় যথেষ্ট সীমিত। এই ৩০ দিন যথেষ্ট মূল্যৱান। বিৰোধী দলৰ সভাপতিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজনীয়। যি প্ৰচাৰ চলাব লাগিছিল সেয়া হৈ উঠা নাই। কাৰণ সকলোৱে নিজৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ আছিল। কিন্তু এতিয়া একগোট হৈ মানুহৰ মাজত কথাবোৰ লৈ যোৱাতো প্ৰয়োজনীয় হৈ পৰিছে। সেয়ে আজি আমি একত্ৰিত হৈছো।’’

সংবাদমেলৰ পিছতে উজনি, নামনি, বৰাক উপত্যকা আৰু পাহাৰীয়া জিলা সৰ্বত্ৰে বিৰোধীয়ে একত্ৰিতভাৱে প্ৰচাৰ অভিযান চলাব বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। একেদৰে আজি সংবাদমেলত অংশগ্ৰহণ নকৰিলেও ৰাইজৰ দল, চিপিআই, চিপিএমএলৰ সৈতেও আলোচনা চলি আছে বুলিও সদৰী কৰে গগৈয়ে। গগৈয়ে লগতে কয়, ''আমি একত্ৰিত হব বিচাৰো বুলি ইমানদিনে কৈ আহিছিলো আৰু আজিৰে পৰা সেয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল।’’

আনহাতে, সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়, ''আজি আমি চাৰিটা দল একত্ৰিত হৈ অসমৰ জনগণক এক শক্তিশালী বাৰ্তা দিব বিচাৰিছো। সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে আমাৰ যাত্ৰা আজিৰে পৰা আৰম্ভ হ'ল। পৰৱৰ্তী সময়ত আমি ৰাইজৰ মাজলৈ যাম। যোৱা দহ বছৰত কেনেকৈ বিজেপি চৰকাৰে অসমখনক ভয়াৱহ পৰিস্থিতিলৈ লৈ গৈছে সেই বিষয়বোৰ ৰাইজক অৱগত কৰিম। আমি ৰাইজৰ সহযোগত বিজেপিক উৎখাত কৰিম। অসমৰ জনগণৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ আমি কাম কৰি যাম। একত্ৰিতভাৱে আমি যুঁজিম আৰু বিজেপিক পৰাভূত কৰিম।’’

সংবাদমেলত ভাগ লৈ জন ইংতি কাথাৰে কয়, ''আমাৰ প্ৰথম লক্ষ্য হৈছে বিজেপিৰ অপশক্তিক প্ৰতিহত কৰা। বিজেপি আৰএছএছৰ কথামতে চলে আৰু আৰএছএছ চলে মনুসংহিতাৰ কথামতে। মনু সংহিতা জনজাতি বিৰোধী। কাৰ্বি আংলঙত আজি ৰাজনৈতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে আমাক বঞ্চিত কৰা হৈছে। সেয়ে আমি ৰাইজক লগত লৈ যুঁজ দি বিজেপিক আঁতৰ কৰিবলৈ চেষ্টা চলাইছো।’’

চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, ''বিজেপিয়ে দাবী কৰে যে এইখন হেনো ডাবোল ইঞ্জিনৰ চৰকাৰ। কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু পঞ্চায়ততো বিজেপি। তাৰ পাছতো বিজেপি আজি শংকিত হৈ আছে। আশীৰ্বাদ যাত্ৰা উলিয়াইছে। চৰকাৰ থাকিলেও, কৰ্পৰেটৰ আশীৰ্বাদ থাকিলেও তেওঁলোকে ইন্টেলিজেন্সৰ পৰা ৰিপৰ্ট পাইছে যে এইবাৰ বিপদ আছে। সেয়ে কংগ্ৰেছ দলক যাত্ৰা কৰাত বাধা দিছিল। গৌৰৱ গগৈক নামঘৰ, মন্দিৰত প্ৰৱেশত আগভেটি ধৰিছিল। জুবিন গাৰ্গৰ বাবে আমি ভাৰতৰ আন ৰাজ্যত গৌৰৱান্বিত হও। কিন্তু সাম্প্ৰদায়িক কথা কোৱা মুখ্যমন্ত্ৰীৰ বাবে আমি বৰ্হিঃৰাজ্যত লজ্জিত হও। আজি আমাৰ উমৈহতীয়া যাত্ৰাৰ আৰম্ভণি হ'ল। নিৰ্বাচনৰ সময়ত আমাৰ এই মিত্ৰতা আৰু অধিক শক্তিশালী হ'ব।’’

ইফালে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''সংবাদমেলৰ পিছতে আমি একেলগে ক'ত ক'ত ৰাইজৰ ওচৰলৈ গৈ সভা অনুষ্ঠিত কৰিম সেই সম্পৰ্কে আলোচনা কৰিম।’’ ৰাজ্যসভাৰ নিৰ্বাচনত এনডিএই এআইইউডিএফৰ সমৰ্থন লোৱা প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়, ''বিজেপিয়ে শেষত গৈ এআইইউডিএফ দলৰ শৰণাপন্ন হবলগীয়া হৈছে। হিমন্ত বিশ্বই ইমানদিনে এআইইউডিএফৰ কথা কৈ মানুহক ভয় খুৱাই মিঞা, অচিনাকি আদিৰ দৰে বাৰেবিংকৰা কথা কৈ সমাজখনত বিষবাষ্প বিয়পালে। তাৰপিছত আজি সেইসকলকেই আকোৱালি ললে।’’

বিজেপিয়ে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰাতো আজিৰ তাৰিখত অসমৰ ৰাজনীতিৰ বাবে অতিশয় দুৰ্ভাগ্যজনক কথা বুলিও কয় গগৈয়ে। তেওঁ কয়, ''এজন সুবিধাবাদী চৰিত্ৰৰ মুখ্যমন্ত্ৰীৰ বাবে অসমখনৰ অৱস্থা আজি শোচনীয় হৈ পৰিছে।’’ আনহাতে আজমল হিমন্ত বিশ্বৰ ১০৮ সদৃশ বুলিও মন্তব্য কৰে গগৈয়ে। তেওঁ কয়, ''বিপদ হলেই হিমন্ত বিশ্বই আজমলৰ ১০৮ সেৱা গ্ৰহণ কৰে।’’ ইমান দিনে এআইইউডিএফক শত্ৰু বুলি কৈ ফুৰা মুখ্যমন্ত্ৰীয়ে আশীৰ্বাদ যাত্ৰাত এআইইউডিএফ দলক বন্ধু বুলি কব বুলিও মন্তব্য কৰে গগৈয়ে।

তেওঁ কয়, ''অসমৰ ৰাইজে কথাবোৰ বুজি পায়। আমি আহিছো আদৰ্শগত ৰাজনীতি কৰিবলৈ। আমি অসমৰ স্বাৰ্থত সকলো একেলগ হৈছো। আমি মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰো আৰু তেওঁলোকে সুবিধাবাদী ৰাজনীতি কৰিব বিচাৰে। অসমৰ ৰাইজে কেনে ৰাজনীতি বিচাৰে সেই সিদ্ধান্ত এইবাৰ নিজে ল'ব।’’ ৰাইজৰ দলৰ সৈতে মিত্ৰতা হব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে আলোচনা চলি আছে আৰু সেয়া অচিৰেই অসমৰ ৰাইজে দেখিবলৈ পাব। গগৈয়ে কয় যে আমি বিৰোধীৰ মঞ্চখন আৰু বহল হোৱাতো বিচাৰো আৰু সেই অনুযায়ী আমি আলোচনা চলাই আছো।

গগৈয়ে সংবাদমেলত এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে- এআইইউডিএফৰ কেবাগৰাকী বিধায়কে কংগ্ৰেছ দললৈ আহিব বিচাৰিছিল যদিও গ্ৰহণ নকৰিলে। ''সাম্প্ৰদায়িক দলটোৰ বিধায়কসকলক কংগ্ৰেছ দলে গ্ৰহণ কৰিব নোৱাৰে বুলি আমি স্পষ্টকৈ জনাই দিছো। কিন্তু তেওঁলোকক বিজেপিয়ে আকোৱালি ললে।’’ একেদৰে যোৰহাটত গৌৰৱ গগৈৰ বিপক্ষে মুখ্যমন্ত্ৰীয়ে সাধাৰণ পৰিয়ালৰ পৰা বিজেপিয়ে প্ৰাৰ্থী দিব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত গগৈয়ে কয়, ''অসমৰ সাধাৰণ ৰাইজে এইবাৰ তেওঁক পৰাস্ত কৰিবলৈ গৈ আছে। তেওঁ ২৫ বছৰত যিমান সম্পত্তি কৰিবলগীয়া আছিল কৰি ললে। এইবাৰ সাধাৰণ ৰাইজে সিদ্ধান্ত লৈ থৈছে যে তেওঁক ভালকৈ বিদায় দিয়া হব।’’

আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈয়ে কয় যে- এআইইউডিএফৰ অক্সিজেন নোলোৱাকৈ বিজেপিয়ে এক মিনিটো ৰাজনীতি কৰিব নোৱাৰে। লুৰীণজ্যোতি গগৈয়ে কয়, ''কংগ্ৰেছত থাকোতেও হিমন্ত বিশ্বই সাম্প্ৰদায়িকতাৰ খেল খেলিছিল। বিজেপিতো ইমানদিনে তাকেই কৰিলে। আৰু আজি হঠাৎ অচিনাকি মানুহ চিনাকি হৈ গ'ল।’’ এআইইউডিএফৰ বাবেহে অসমত ইমানদিনে বিজেপি জীয়াই আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰীণজ্যেতি গগৈয়ে। আজমল যে বিজেপিৰ ইন্ধন সেয়া এইবাৰ দেখদেখকৈ প্ৰমাণ হৈ গল বুলিও কয় লুৰীণজ্যোতিয়ে।

অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাকো কটাক্ষ কৰে আৰু এই যাত্ৰাক জন অভিশাপ যাত্ৰা আখ্যা দিয়ে। ''বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা কৰা নাই, জন অভিশাপ যাত্ৰা কৰিছে। বিজেপিয়ে জনজাতীয় মানুহৰ ৪৯ হাজাৰ বিঘা মাটি কাঢ়ি লৈছে আৰু আম্বানি, আদানি, ৰামদেৱক গতাই দিছে। হিন্দুত্ববাদৰ কথা কোৱা বিজেপিয়ে গিৰ গাই কেলেংকাৰী কৰিছে। মাটিৰ খাজানা ৭ গুণ বঢ়াইছে। যতে-ততে টোলগেট বঢ়াইছে। অত্যাৱশ্যাকীয় সমাগ্ৰীৰ দাম বঢ়াইছে। খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ আজিলৈকে ৬নং দফা কাৰ্যকৰী নকৰিলে। ১৬ মেত বিদেশীয়ে টালি-টোপোলা বান্ধিব বুলি কৈছিল যদিও টালি-টোপোলা নাবান্ধিলে। জুবিন গাৰ্গক আজিলৈকে ন্যায় নিদিলে।’’ এনে এটা দলক জনতাই আশীৰ্বাদ দিব নে অভিশাপহে দিব বুলিও লুৰীণজ্যোতি গগৈয়ে প্ৰশ্ন কৰে। জুবিন গাৰ্গক ইমানদিনে ন্যায় দিব নোৱাৰা বিজেপিয়ে এইবাৰ ইভিএমত জনতাৰ অভিশাপ পাব বুলিও মন্তব্য কৰে অজাপ নেতাগৰাকীয়ে।

সংবাদমেলৰ শেষত সাংবাদিকসকলক ধন্যবাদ জনাই গৌৰৱ গগৈয়ে ৰসিকতাৰে কয় যে- সাংবাদিকসকলে কাম কৰা চেনেলৰ মালিকসকলৰ নাম তেওঁ নোসোধে আৰু জানিবলৈকো তেওঁ আগ্ৰহী নহয়। গগৈয়ে কয়, ''সাংবাদিকসকলৰ ভাল হওক। সকলোৰে চাকৰিবোৰ ভালকৈ চলি থাকক। ঘৰ-পৰিয়াল ভালকৈ চলি থাকক।’’ গগৈয়ে ''সংবাদ জগত জিন্দাবাদ’’ বুলিও সংবাদমেলত মন্তব্য কৰে।

উল্লেখ্য যে আজিৰ সংবাদমেলত অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ নেতা বিশিষ্ট অধিবক্তা কমল নাৰায়ণ চৌধুৰী আৰু অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব চি কে দাসেও অংশগ্ৰহণ কৰে। সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

অসম জাতীয় পৰিষদ কংগ্ৰেছ