আদালতত হ'ব লাগিব হাজিৰ! মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ কথা কৈ বিপদত গৌৰৱ গগৈ...

এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে।  গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতালৈ ন্যায়ালয়ে এই সন্দৰ্ভত কৰিছে নিৰ্দেশনা।

author-image
Asomiya Pratidin
New Update
new ap web 00000.jpg

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে।  গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতালৈ ন্যায়ালয়ে এই সন্দৰ্ভত কৰিছে নিৰ্দেশনা। মহাধিবক্তা দেৱজিত লন শইকীয়াই এক সংবাদমেল সম্বোধন কৰি জনায় এই কথা।

উল্লেখ্য যে, কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে দিয়া ৫০০কোটি মানহানিৰ গোচৰত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এই গোচৰৰ শুনানি কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মা বিচাৰপীঠে অহা ৯মাৰ্চত গৌৰৱ গগৈকে ধৰি ৭গৰাকী কংগ্ৰেছ নেতাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে। 

মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ওপৰত কোনো মন্তব্য নকৰিবলৈ গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেললৈ জাৰি কৰি হৈছে নিৰ্দেশনা।  সংবাদমেলত মহাধিবক্তাই সদৰি কৰে যে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা সকলো অভিযোগ মিছা আৰু ভিত্তীহীন বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে আৰু যিসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকক ইয়াৰ প্ৰমাণ দিবলৈ দাবী জনাইছে।

ড হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা