অবড়ো জনতাৰ আৱেগ-অনুভূতিক লৈ খেলা কৰিলে নৱ শৰণীয়াই...

অবড়ো জনতাৰ আৱেগ-অনুভূতিক লৈ খেলা কৰিলে নৱ শৰণীয়াই...

ডিজিটেল সংবাদ, বাক্সাঃ মুছলপুৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অবড়ো প্ৰাৰ্থী জোন দাসৰ সংবাদমেল । সংবাদমেলত কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় জোন দাসে । বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধেও সৰৱ হয় প্ৰাৰ্থী জোন দাসে ।

বিগত ১০ বছৰে বিটিআৰৰ ২২ লক্ষ্য অবড়ো জনতাৰ আৱেগ-অনুভূতিক লৈ খেলা কৰাৰ অভিযোগ সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে । বিটিআৰৰ সন্দৰ্ভত কোনোধৰণৰ জ্ঞান নথকা বিনীতা ডেকাক গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি নৱ শৰণীয়াই আচলতে কি বুজাব বিচাৰিছে বুলি প্ৰশ্ন জোন দাসৰ ।

আনহাতে বিটিচিৰ পাৰিষদ ঘনশ্যাম দাসক প্ৰাৰ্থীত্ব দিলেও কবলগীয়া নাছিল কিন্তু বিনীতা ডেকাক আদৰি নলয় বিটিআৰ বাসীয়ে বুলি মন্তব্য জোন দাসৰ । যদি ঘনশ্যাম দাসে বিবেচনা কৰি মোক সমৰ্থন দিয়ে তেন্তে মই অনাগত দিনত ঘনশ্যাম দাসৰ লগত ছাঁটোৰ দৰে থাকিম বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অবড়ো প্ৰাৰ্থী জোন দাসে ৷

ইফালে জোন দাসক মনোনয়ন উঠাই লবলৈ হেচা প্ৰয়োগ কৰা অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীকো শকীয়নী কোকৰাঝাৰ লোকসভা সমষ্টিৰ অবড়ো প্ৰাৰ্থী জোন দাসৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in