ডিব্ৰুগড়ৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

অনুসূচিত জাতিৰ অন্যতম সংগঠন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে মঙলবাৰে ডিব্ৰুগড় জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত এখন সংবাদমেল সম্বোধন কৰে

author-image
Asomiya Pratidin
New Update
243

ডিজিটেল সংবাদ, ডিব্ৰুগড় : অনুসূচিত জাতিৰ অন্যতম সংগঠন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে মঙলবাৰে ডিব্ৰুগড় জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলখন সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতিদ্বয় হেমকান্ত দাস আৰু মুক্তিনাথ দাসে কয় যে, এই বৰ্ষৰ ৮, ৯ আৰু ১০ জানুৱাৰীত ঐতিহ্যমণ্ডিত যোৰহাট জিলাৰ মালৌখাত সতী ৰাধিকা আই ক্ষেত্ৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱশনৰ সকলো কাৰ্যসূচি সফল সমাপ্তি হৈছিল যদিও অধিৱেশনৰ প্ৰতিনিধি সভাখনত পৰিষদৰ সংবিধান অনুসৰি বিষয়ববীয়া বাছনি হোৱা নাছিল অতি চতুৰভাৱে ৰুবুল দাসে বিষয়বাছনি সভাখন পৰিচালনা কৰিছিল । 

অসমৰ প্ৰত্যেক জিলাৰ প্ৰতিনিধিসকলে ২০২৫-২৭ বৰ্ষৰ সহমত নথকাৰ সত্বেও নগাঁও জিলাৰ ৰহাৰ গুইমাৰীৰ বাসিন্দা ৰুবুল দাসে অতি কৌশলপূৰ্ণভাৱে কেইটামান চালাচামুণ্ডাৰ সমৰ্থন লৈ পুনৰ কেন্দ্ৰীয় সভাপতি আসনখন পুনৰ দখল কৰিছিল। আনহাতে প্ৰতিনিধি সভাৰ সৰ্বসন্মত সিদ্ধান্তমৰ্মে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন হৈছিল যোৰহাট জিলাৰ সাধাৰণ সম্পাদক তথা সংগঠনটোৰ সক্ৰিয়সদস্য অমৃত প্ৰান দাস । 

কেন্দ্ৰীয় সভাপতিৰ দায়িত্ব লৈয়ে ৰুবুল দাসে পুনৰ পৰিষদৰ সদস্যসকলক একনায়কত্ববাদ, স্বেচ্ছাচাৰী, বিভিন্ন ভাবুকি দি সংগঠন পৰিচালনা কৰাতেই ক্ষান্ত নাথাকি কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনক সংবিধানে সকলো অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা কৰিছিল । পৰিষদৰ সংবিধাৰ ধাৰা নং ৯ দফা(গ) অনুসৰি সংগঠনটোৰ সকলো নথি-পত্ৰ যেনে- চীল, পেদ, কাৰ্যবিৱৰনী বহী, বিত্তীয় হিচাপ-নিকাচ ইত্যাদি সাধাৰণ সম্পাদকৰ ওচৰত মজুত থকাৰ পৰিৱৰ্তে ৰুবুল দাসৰ গুৱাহাটী চান্দমাৰিস্থিত জ্যোতিনগৰৰ ফ্লেটৰ দুটা টাঙ্কত আবদ্ধ কৰি ৰাখিছিল। 

তাৰোপৰি বাৰম্বাৰ কেন্দ্ৰীয় কাৰ্যানিৰ্বাহক পাতি প্ৰস্তাৱ লোৱাৰ পিচতো কেন্দ্ৰীয় কাৰ্যালয় গুৱাহাটী আম্বেদকাৰ ভৱনৰ পৰিৱৰ্তে তেওঁ গৃহৰ ড্ৰয়িং ৰূমৰ পৰা পৰিচালনা কৰিছিল। লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত আচৰ্য্যজনকভাৱে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত বিত্ত সম্পাদক নিয়োগ নকৰি তেওঁৰ পত্নীৰ গুগুল পে'ৰ জৰিয়তে বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা দান-বৰঙনি সংগ্ৰহ কৰি কেন্দ্ৰীয় সকলো বিষয়ববীয়াৰ অজ্ঞাতে নিজৰ ব্যক্তিগত খণ্ডৰ কোম্পানী দৰে সংগঠনটো পৰিচালনা কৰাত নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে । 

ৰুবুল দাসক যদি এই বিষয়ত কোনো বিষয়ববীয়াই আপত্তি দৰ্শায় সংবিধান আৰু নীতি আধাৰত সংগঠন পৰিচালনা কৰিবলৈ কয় তেতিয়া দাসে কয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ মোৰ আৰ্দশৰে পৰিচালিত হোৱা সংগঠন। আৰু আপত্তি দৰ্শোৱা বিষয়ববীয়াজনক ওপৰত বিভিন্ন অভিযোগ আনি অশ্লীল ভাষাৰে গালিপাৰি ভাবুকি দিয়ে। লগতে সেই সদস্যজনক নিজ মইমতালিৰে অব্যহতি দিয়ে । 

শেহতীয়াকৈ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৃত প্ৰান দাসে ৰুবুল দাসক সামাজিক মাধ্যমৰ গ্ৰুপৰ পৰা ভুলৱশতঃ এডমিন ৰিমভ কৰাত কোনো বিষয়ববীয়াৰ লগত আলোচনা নকৰাকৈ সভাপতি/সাধাৰণ সম্পাদকৰ সম-অধিকাৰ থকাৰ সত্বেও নিজ মইমতালিৰে এক সপ্তাহৰ বাবে সাধাৰণ সম্পাদকজনক সংগঠনৰ পদৰ পৰা অব্যাহতি দিয়া কাৰ্যক গৰিহনা দিয়ে । 

অন্যহাতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,অসমে ৰুবুল দাসৰ নেতৃত্বত মাৰ্চত অসম চৰকাৰে ঘোষণা কৰা বাজেটৰ ওপৰত আন্দোলন কৰাই পৰিষদৰ সদস্য সকলক অসম চৰকাৰ বিৰুদ্ধে বিপথে পৰিচালিত কৰাৰ উপৰিও জুলাই মাহত  অনুসূচিত জাতি উন্নয়ন নিগমৰ বিৰ্তকিত ঠিকাদাৰ নূপুৰ চাহাৰ বিৰূদ্ধে অসমৰ বিভিন্ন জিলাৰ পৰা সদস্য আনি আন্দোলন কৰাইছিল। 

কিন্তু এই বিষয়টো গাপ দিয়াটোৱে প্ৰমাণ কৰে যে, নুপুৰ চাহাৰ লগত বুজন পৰিমানৰ ধনৰ লেনদেনৰ সন্দেহ প্ৰকাশ কৰে বুলি মন্তব্য কৰে নেতাদ্বয়ে। অসম চৰকাৰে কেওঁট সম্প্ৰদায়ক অনুসূচিত অন্তভূক্তিকৰণৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি উপ-সভাপতিদ্বয়ে কয় যে ৰুবুল দাসে কেওঁট সম্প্ৰদায়ক অনুসূচিত অন্তৰ্ভূক্তকৰণৰ বিৰোধীতাৰে কৰা আন্দোলন কেৱল মাত্ৰ কৌশৰপূৰ্ণ ভেকোভাওনাহে । 

ভুৱাকৈ অনুসূচিত জাতি লোকৰ পৰা ধন আহৰণ কৰাৰ লক্ষ্যৰে এই আন্দোলন অব্যাহত ৰাখিছে । চৰকাৰী নিৰ্দেশনা নোলোৱালৈকে ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়লয়ত ভৱিষ্যতে কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতি অন্তভূক্ত কৰিলে  পি.আই এল কৰি বুলি এখন পত্ৰ দি উচ্চতম ন্যায়লয়ত পি.আই.এল. কৰিছো বুলি অনুসূচিত জাতিৰ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। 

আনহাতে যদি ৰুবুল দাসৰ সৎসাহস আছে উচ্চতম ন্যায়লয়ত কৰা পি.আই.এল খনৰ নম্বৰটো ৰাজহুৱা কৰিবলৈ মুকলিকৈ প্ৰত্যাহ্বান জনাই নেতাদ্বয়ে । উল্লেখ্য যে যোৰহাট জিলাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ সংৰক্ষিত পদত চাকৰি কৰি থকা সহযোগী অধ্যপিকা কাৰ্বিআংলং জিলাৰ চন্দ্ৰনা দেৱক বৰ্খাস্ত কৰিব লাগে বুলি আন্দোলন কৰি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ বিনিষ্ট কৰি শিক্ষানুষ্ঠানখনৰ পৰা চন্দ্ৰনা দেৱক বৰ্খাস্ত নোহোৱাকৈয়ে বিষয়টো সমাপ্ত কৰাটোও ৰহস্যজনক হৈ আছে । 

শেহতীয়াকৈ গড়কাপ্তানি বিভাগৰ তেজপুৰৰ অধীক্ষক অভিযন্তা অজিত মেধি অনা অনুসূচিত জাতিৰ লোক বুলি ৰুবুল দাসে বিভিন্ন সংবাদ মাধ্যমত মন্তব্য দি আছে। কিন্তু ২১ আগষ্ট তাৰিখে সেই অজিত মেধিৰ ওচৰলৈ আন্দোলন কৰিম বুলি কৈ বুজাবুজি কৰিবলৈ যোৱা ৰুবুল দাসৰ  দুই এজেণ্ট ৰাইজৰ ৰোষত পৰি পৰিষদৰ পেদ চীল ব্যৱহাৰ  কৰি উক্ত অজিত মেধিক অনুসূচিত জাতিৰ লোক বুলি লিখি দিয়াৰো তথ্য আহিছে । 

নেতাদ্বয়ে ৰুবুল দাসৰ এনেবোৰ কাণ্ডৰ উচিৎ তদন্তৰ দাবী জনাইছে অসম চৰকাৰক । এনেধৰণৰ বিভিন্ন অভিযোগ, বিত্তীয় কেলেংকাৰী, একনায়কত্ববাদ, পৰিষদৰ সদস্যসকলক ভাবুকি দিয়া, অশালীন ব্যৱহাৰ, অনুসূচিত জাতি ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বহকৰ সিদ্ধান্ত অনুসৰি পৰিষদৰ সংবিধানৰ ধাৰা নং- ১০ অনুসৰি ৰহাৰ গুইমাৰীৰ বাসিন্দা ৰুবুল দাসক পৰিষদৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰিছে  বুলি প্ৰকাশ কৰে । 

কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৃত প্ৰান দাস, সাংগঠনিক সম্পাদক অভিজিত দাস, তথ্য আৰু সাহিত্য সম্পাদক সুমিত প্ৰীতম দাস সংবাদমেলত উপস্থিত থাকি ৰুবুল দাসৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবে উদ্বেগ প্ৰকাশ কৰে। আৰু এনেৰণৰ নেতা অনুসূচিত জাতিটোৰ বাবে কলংক বুলি আখ্যা দিয়ে । 

সংবাদমেলত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, মাজুলীৰ বিষয়ববীয়াসকলেও অংশ গ্ৰহন কৰি কলংকিত  নেতা ৰুবুল দাসৰ ওপৰত কেন্দ্ৰীয় কায্যনিৰ্বাহকে গ্ৰহন কৰা সিদ্ধান্তক আদৰণি জনাই বুলি বিবৃতিযোগে সংবাদ মাধ্যমক জনায় পৰিষদে।

ডিব্ৰুগড়