ন’ এণ্ট্ৰি অখিল ! লুৰীণসহ আন মিত্ৰ দলৰ নেতৃত্বক লৈ কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত সংবাদমেল...

বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে শুকুৰবাৰৰ আবেলি এক সংবাদমেল আয়োজন কৰিব বুলি সদৰী কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই। এই সংবাদমেলত আসন বুজাবুজিৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বিৰোধী মিত্ৰ পক্ষই

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 10.35.28 AM

ডিজিটেল ডেস্ক : বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে শুকুৰবাৰৰ আবেলি এক সংবাদমেল আয়োজন কৰিব বুলি সদৰী কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই। এই সংবাদমেলত আসন বুজাবুজিৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বিৰোধী মিত্ৰ পক্ষই। 

সংবাদমেলত উপস্থিত থাকিবলৈ অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই(এম), এ পি এইছ এল চিৰ নেতৃত্বক আমন্ত্ৰণ জনাইছে কংগ্ৰেছে। সেই অনুসৰি সংবাদমেলত লুৰীণজ্যোতি গগৈসহ আন কেইটা মিত্ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব। এই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই অখিল গগৈ বা ৰাইজৰ দলৰ কোনো প্ৰতিনিধিক। কিয়নো দলটোৰ সৈতে এতিয়াও কংগ্ৰছৰ সমষ্টি ভাগ-বাটোৱাৰাক লৈ কোনো গ্ৰহণযোগ্য সিদ্ধান্ত হোৱা নাই। 

আনহাতে অখিল গগৈয়ে এই মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে শনিবাৰৰ দিনটোলৈকে অন্তিম সময়সীমা বান্ধি দিয়াৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। কংগ্ৰেছে সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া লক্ষ্যণীয়ভাৱে ব্যক্ত কৰা নাই।

অসম প্ৰদেশ কংগ্ৰেছ