/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-kajalgaon-2026-01-17-15-22-28.jpg)
ডিজিটেল সংবাদ, চিৰাং : পূৰ্বৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন -২০০৫ চমুকৈ এম জি এনৰেগা আঁচনিখন নতুনকৈ বিকশিত ভাৰত-নিশ্চিত ৰোজগাৰ আজীবিকা মিচন চমুকৈ বি ভি-জি ৰাম জি - ২০২৫ নামাকৰণ হোৱাৰ পিছত চিৰাঙৰ কাজলগাঁৱত জিলা গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয়।
নতুন বি ভি-জি ৰাম জি - ২০২৫ আইন সন্দৰ্ভত গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰাৰ লক্ষ্যৰে শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া অৰবিন্দ ৰাভাই এই সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত উল্লেখ কৰে যে জিলাখনৰ চিদলী-চিৰাং খণ্ড উন্নয়ণৰ অধীনস্থ এলেকাত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ সংযোজন কৰা বি ভি জি ৰাম জি-২০২৫ আইনখন পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ পৰিৱৰ্তে নতুন কৈ লোৱা এই আঁচনিৰ বিষয়ে জনায় ।
জিলাখনত এই নতুনকৈ ৰূপায়ণ কৰা আঁচনিখনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ১৯ জানুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী লৈকে বিভিন্ন পৰ্যায়ত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি সদৰী কৰে । তাৰে ভিতৰত আঁচনিখনৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সকলো স্তৰৰ মানুহৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সভা সমিতি আৰু আলোচনা সভাৰ জড়িয়তে প্ৰচাৰ চলোৱা হব বুলি জানিবলৈ দিয়ে ।
জিলা গ্ৰামোন্নয়ন বিভাগৰ আজিৰ এই সজাগতা সন্দৰ্ভত আয়োজন কৰা সংবাদ মেলত চিদলী-চিৰাং খণ্ড উন্নয়ণ বিষয়া নিৰঞ্জয় মুছাহাৰী, এন আৰ এল এমৰ বিষয়ববীয়া সকলৰ উপৰি জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us