কাজলগাঁৱত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল

অসমৰ আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসম জুৰি শনিবাৰৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হ'ব। তাৰ লগত সঙ্গতি ৰাখি শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত জিলা আয়ুক্ত যতীন বৰাই এক সংবাদমেল সম্বোধন কৰে

author-image
Asomiya Pratidin
New Update
kajalgaon

ডিজিটেল সংবাদ, চিৰাং : অসমৰ আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসম জুৰি শনিবাৰৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হ'ব। তাৰ লগত সঙ্গতি ৰাখি শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত জিলা আয়ুক্ত যতীন বৰাই এক সংবাদমেল সম্বোধন কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হ'ব । কাইলৈৰ পৰাই চিৰাং জিলাৰ অন্তৰ্গত ১৯ নং চিদলী-চিৰাং আৰু ২০ নং বিজনী বিধানসভা এলেকাৰ বিএলঅ সকলে প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব।

এই পুনৰীক্ষণ কালছোৱাত ১৮ বছৰ সম্পূৰ্ণ কৰা প্ৰতিগৰাকী যুৱক -যুৱতীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা, তালিকাভুক্ত ভোটাৰ কিন্তু দীৰ্ঘদিন ধৰি অইন ঠাইত বসবাস কৰি আছে, বিবাহ সূত্ৰে অইন ঠাইত স্থানান্তৰিত হোৱা বা মৃত্যু হোৱা ভোটাৰ নাম নিশ্চিত কৰি নাম কৰ্তন কৰা ইত্যাদি কাম কৰিব। ভোটাৰ তালিকাৰ এই পুনৰীক্ষণৰ সমূহ কামকাজ সুচাৰুৰূপে কৰিবলৈ জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

WhatsApp Image 2025-11-21 at 4.54.55 PM

আজিৰ তাৰিখলৈ চিৰাং জিলাৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪০৬৮০৭ গৰাকী ।  ইয়াৰে ১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টিত ২২১১৭১ গৰাকী আৰু ২০ নং বিজনী বিধানসভা সমষ্টিত ১৮৫৬৩৬ গৰাকী ভোটাৰ আছে।

জিলাখনৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে বিএলঅসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ইতিমধ্যেই দিয়া হৈছে আৰু দুই এদিনতে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব। ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে বিএলঅ'সকলে প্ৰতিটো পৰিয়ালৰ ঘৰত তিনিবাৰকৈ যাব।

এই পুনৰীক্ষণত কোনো এজন ভোটাৰৰ নাম যাতে বাদ পৰি নাযায় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে। পুনৰীক্ষণৰ কামত ভোটাৰসকলে ২২ নভেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব । পুনৰীক্ষণৰ পিছত ২৭ ডিচেম্বৰ তাৰিখে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু  ১০ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

উল্লেখ্য যে বিগত সময়ত চিৰাং জিলাৰ অন্তৰ্গত চিদলী আৰু বিজনী বিধানসভা সমষ্টি দুটাৰ নিৰ্বাচন কাজলগাঁও আৰু বিজনীৰ পৰা পৰিচালনা কৰা হৈছিল কিন্তু ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে এইবেলি বিধানসভা নিৰ্বাচন জিলা সদৰ কাজলগাঁৱৰ পৰাই পৰিচালিত কৰা হ'ব বুলি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই জানিবলৈ দিয়ে । আজিৰ সংবাদমেল অনুষ্ঠিত হোৱাৰ আগতে জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই উপস্থিত শাসক-বিৰোধী আদি কৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ আগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত বিশদ তথ্যপাতি অৱগত কৰে।

উক্ত সংবাদমেলত বিজনী মহকুমাধিপতি অৰিজিৎ মহাজন, অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীসহ নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়াসকল উপস্থিত থাকে ।

কাজলগাঁও