বিধায়ক অখিল গগৈৰ বাসগৃহত সংবাদমেল : বিজেপি চৰকাৰৰ অৰ্থনৈতিক বিফলতাৰ শ্বেতপত্ৰ প্ৰকাশ

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে গুৱাহাটীৰ বাসভৱনত দিনৰ ১ বজাত এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত ৰাইজৰ দলৰ সভাপতি গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অৰ্থনৈতিক বিফলতাৰ শ্বেতপত্ৰ প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
575

ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে গুৱাহাটীৰ বাসভৱনত দিনৰ ১ বজাত এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত ৰাইজৰ দলৰ সভাপতি গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অৰ্থনৈতিক বিফলতাৰ শ্বেতপত্ৰ প্ৰকাশ কৰে। 

ৰাইজৰ দলৰ দ্বাৰা প্ৰকাশিত এই অৰ্থনৈতিক শ্বেতপত্ৰখন বিজেপি চৰকাৰ অৰ্থনৈতিক পোষ্টমৰ্টেম ৰিপ’ৰ্ট বুলি ঘোষণা কৰে অখিল গগৈয়ে। ৭ পৃষ্ঠাজোৰা এই পত্ৰক বিজেপিৰ ১০ বছৰীয়া শাসনৰ আচল দস্তাবেজ বুলি উল্লেখ কৰি A for ASSAM কেতিয়া হ’ব বুলিও প্ৰশ্ন তোলে। 

একেদৰে অসম ভাৰতৰ কিমান নম্বৰ ৰাজ্য ? অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বিজেপিৰ সপোন আৰু বাস্তৱতা তথা হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ ১ নং ৰাজ্য কৰিব পাৰিলেনে বুলিও প্ৰশ্ন কৰে। তাৰোপৰি এই পত্ৰত বিভিন্ন ক্ষেত্ৰত ভাৰতত অসমৰ স্থান সম্পৰ্কতো কেতবোৰ তথ্য উন্মোচন কৰে।

পত্ৰখনত উল্লেখ কৰে এনেদৰে :

1st

2 (2)

3 (1)

4

ৰাইজৰ দল