প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ নিৰ্বাচনঃ পৰিচালনা সমিতিৰ সদস্য পদত 'অসমীয়া প্ৰতিদিন'ৰ আশীষ গুপ্ত আৰু উপ সভাপতিৰ পদত নিৰ্বাচিত সংগীতা বৰুৱা পিছাৰটি...

প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ নিৰ্বাচনঃ পৰিচালনা সমিতিৰ সদস্য পদত 'অসমীয়া প্ৰতিদিন'ৰ আশীষ গুপ্ত আৰু উপ সভাপতিৰ পদত নিৰ্বাচিত সংগীতা বৰুৱা পিছাৰটি...

author-image
Asomiya Pratidin
New Update
প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ নিৰ্বাচনঃ পৰিচালনা সমিতিৰ সদস্য পদত 'অসমীয়া প্ৰতিদিন'ৰ আশীষ গুপ্ত আৰু উপ সভাপতিৰ পদত নিৰ্বাচিত সংগীতা বৰুৱা পিছাৰটি...

ডিজিটেল ডেস্কঃ প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ নিৰ্বাচনৰ ফলাফল শেহতীয়াকৈ ঘোষণা কৰা হৈছে। প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ নিৰ্বাচনত পৰিচালনা সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমীয়া প্ৰতিদিনৰ দিল্লী ব্যুৰ চীফ আশীষ গুপ্ত।

ক্লাৱৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অসম জীয়ৰী সংগীতা বৰুৱা পিছাৰটি। উল্লেখ্য যে সংগীতাই প্ৰথম বাৰৰ বাবে প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে যদিও সাংবাদিক আশীষ গুপ্তই একেৰাহে দ্বিতীয় বাৰৰ বাবে পৰিচালনা সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

আনহাতে যোৱা বাৰৰ সভাপতি গৌতম লাহিৰীয়ে চলিত বছৰত উক্ত পদত পুনৰ জয় লাভ কৰে। লক্ষ্যণীয়ভাবে লাহিৰী আৰু সংগীতা বৰুৱাৰ পেনেলত থকা সৰহ সংখ্যক সদস্য এইবাৰৰ নিৰ্বাচনত জয়লাভ কৰিছে।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত গৌতম লাহিৰীয়ে ১,০৪৫টা ভোট অৰ্জন কৰাৰ সমান্তৰালকৈ উপ-সভাপতি হিচাপে সংগীতা বৰুৱা পিছাৰটিয়ে ৯২৭টা আৰু পৰিচালনা সমিতিৰ সদস্য় হিচাপে আশীষ গুপ্তই লাভ কৰিছে ৭৮৩টা ভোট।

প্ৰেছ ক্লাৱ অফ ইণ্ডিয়া