/asomiyapratidin/media/media_files/2025/08/14/d-murmu-14-2025-08-14-21-15-18.jpg)
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি দেশবাসীক সম্বোধন কৰে। দেশবাসীক সম্বোধন কৰি আগবঢ়োৱা ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এখন 'আত্মনিৰ্ভৰশীল' ভাৰতৰ ছবি অংকন কৰে।
ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাষণত অপাৰেচন সিন্দুৰৰ বিষয়টোৱেও স্থান লাভ কৰে। তেওঁ অপাৰেচন সিন্দুৰক ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজ’ বুলি অভিহিত কৰে। তেওঁ আৰু কয়, "অপাৰেচন সিন্দুৰ আছিল প্ৰতিৰক্ষাৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰশীল' ভাৰতৰ পৰীক্ষা। ইয়াৰ ফলাফলে প্ৰমাণ কৰিছে যে আমি সঠিক পথত আগবাঢ়িছো। আমাৰ থলুৱা উৎপাদনে এক উল্লেখযোগ্য স্তৰত উপনীত হৈছে, যাৰ ফলত আমি বহু নিৰাপত্তাৰ প্ৰয়োজনীয়তাত স্বাৱলম্বী হৈছো। স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ প্ৰতিৰক্ষাৰ ইতিহাসত এয়া এক উল্লেখযোগ্য কৃতিত্ব।"
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত উন্নত অৰ্থনীতিলৈ পৰিণত হ’ব।তেওঁ কয় "মই বিশ্বাস কৰোঁ যে ভৱিষ্যতে আমাৰ সমাজৰ তিনিটা শ্ৰেণী যুৱক-যুৱতী, মহিলা আৰু প্ৰান্তীয় শ্ৰেণী আগবাঢ়ি যাব। আমাৰ যুৱ প্ৰজন্মই নিজৰ সপোন পূৰণৰ বাবে সঠিক পৰিৱেশ লাভ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিও বহু পৰিৱৰ্তন সাক্ষী হৈছে।"
একে সময়তে তেওঁ কয়, "সুশাসনৰ ফলস্বৰূপে সমাজৰ এক বৃহৎ অংশ দৰিদ্ৰ সীমাৰেখাৰ পৰা ওলাই আহিছে। দৰিদ্ৰ লোকৰ বাবে আৰু যিসকল দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈছে কিন্তু এতিয়াও বিপদত আছে তেওঁলোকৰ বাবে চৰকাৰে বিভিন্ন কল্যাণমুখী প্ৰকল্প ৰূপায়ণ কৰিছে। যাতে তেওঁলোক পুনৰ দৰিদ্ৰতাৰ কৰাল গ্ৰাসলৈ নাযায়।"
উল্লেখ্য যে, ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অপাৰেচন সিন্দুৰৰ সময়ছোৱাত দেখুওৱা সাহসীতাৰ বাবে ১৬ জন বি এছ এফৰ জোৱানক বিশেষভাৱে সন্মানিত কৰা হ’ব।এইসকল বীৰ জোৱানে শত্ৰুৰ চোৰংচোৱা কেমেৰা ধ্বংস কৰাৰ লগতে ড্ৰোণ আক্ৰমণ প্ৰতিৰোধ কৰিছিল। ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ২৪ ঘণ্টাই সক্ৰিয় হৈ আছে অৰ্ধসামৰিক বাহিনী। অপাৰেচন সিন্দুৰৰ সময়তো তেওঁলোকে দেখুৱাইছিল বীৰত্ব। এইবাৰ একেটা সেনাবাহিনীৰ ১৬ জন জোৱানক তেওঁলোকৰ বীৰত্বৰ বাবে সন্মানিত কৰা হ’ব। তাৰোপৰি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় আৰু ৰাজ্যিক বাহিনীৰ মুঠ ১,০৯০ গৰাকীক বিভিন্ন পদক প্ৰদানৰ কথা ঘোষণা কৰা হৈছে।
LIVE: President Droupadi Murmu's address to the nation on the eve of the 79th Independence Day https://t.co/AiBSvUP5La
— President of India (@rashtrapatibhvn) August 14, 2025