/asomiyapratidin/media/media_files/2025/10/15/1-2025-10-15-08-51-04.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্রপতি ভৱনত মঙলবাৰে মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাৰ আৰু তেওঁৰ প্রতিনিধিসকলক আদৰণি জনাই ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে। আদৰণি প্ৰসংগত তেওঁ কয়, সাংস্কৃতিক ঐতিহ্য আৰু গণতান্ত্রিক মূল্যবোধ হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজৰ সম্পৰ্কৰ মূল ভেটি।
ভাৰত আৰু মংগোলিয়া হৈছে কৌশলগত অংশীদাৰ। বিগত ২৫ বছৰত ভাৰতে মংগোলিয়াত থকা বৌদ্ধ মঠ পুনৰুদ্ধাৰ আৰু প্ৰাচীন পাণ্ডুলিপি পুনৰ ছপা কৰাকে ধৰি বিভিন্ন সাংস্কৃতিক প্রকল্প হাতত লৈছে বুলিও ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, মঙলবাৰে সমাপ্ত হোৱা সাংস্কৃতিক বিনিময় কার্যসূচী সম্পৰ্কীয় বুজাবুজিৰ চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সাংস্কৃতিক আদান-প্রদানক অধিক প্ৰসাৰিত কৰিব বুলিও আশা প্ৰকাশ কৰে দুই দেশৰ প্ৰতিনিধিয়ে।
ৰাষ্ট্ৰসংঘ আৰু গ্ল'বেল ছাউথৰ সদস্য ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতাৰো ৰাষ্ট্ৰপতি মুর্মুৱে শলাগ লয়। দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব পৰা সহযোগিতাসমূহৰ লগতে দ্বিপাক্ষিক সম্পর্কও অধিক উন্নীত কৰাৰ সময় আহি পৰিছে বুলিও দুয়োগৰাকী ৰাষ্ট্ৰপতিগৰাকীয়ে সহমত প্রকাশ কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়েও কালি মংগোলিয়াৰ ৰাষ্ট্রপতি খুৰেলচুখ উখনাৰ সৈতে নতুন দিল্লীত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে, মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু সাংস্কৃতিক প্রতিনিধিৰ এটা উচ্চ পর্যায়ৰ দলো ভাৰতলৈ আহিছে। ৰাষ্ট্রপতি খুৰেলসুখ উখনাৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ।