/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-18-59-47.jpg)
ডিজিটেল ডেস্ক : পাহাৰ আৰু ভৈয়ামৰ জনতাক একতাৰডোলেৰে বান্ধিব খোজা, ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাংৰ ওপজা দিনৰ লগত সংগতি ৰাখি দেওবাৰে আয়োজন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক ৰংবং তেৰাং সমন্বয় বঁটা ২০২৬ৰে সন্মানিত কৰা হয়।
এই বঁটাত আছে কাৰ্বি জনজাতীয় বস্ত্ৰ, অংগ বস্ত্ৰ, স্মাৰক ইত্যাদি। উল্লেখযোগ্য যে, কাৰ্বি পাহাৰৰ চিংথু প্ৰকাশনৰ উদ্যোগত প্ৰতি বছৰে আয়োজিত এই অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি বসন্ত কুমাৰ গোস্বামীয়ে কয়- অসম সাহিত্য সভাই ২০২৫-২৭ বৰ্ষটো আমাৰ চুবুৰীয়া সকলোৰে লগত ভাতৃ আৰু ভগ্নীৰূপে থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-202-2026-01-11-18-58-33.jpeg)
কাৰ্বি আংলংৰ এগৰাকী মহীৰূহ পদ্মশ্ৰী ৰংবং তেৰাংদেৱ। তেখেতে ভৈয়াম আৰু পাহাৰৰ মাজৰ যি শৈল্য সেতু নিৰ্মাণ কৰিলে সেয়া উল্লেখনীয়। তেখেতে ৰংমিলিৰ হাঁহি, শ্ৰীমদ্ভাগতৰ অনুবাদ, সুন্দৰ অভিধান লগতে নাটক, গল্প, উপন্যাস আদি লিখিছে। এক অসমীয়া জাতি সত্তাৰ অনন্য অভিভাৱকৰূপে তেখেতে বিভিন্ন সময়ত পৰামৰ্শ আদি দি আহিছে। কাৰ্বি যুৱক- যুৱতীৰ যি মূহূৰ্ততে প্ৰতিভা দেখি আহিছে অসম সাহিত্য সভাই সদায় শ্ৰদ্ধা জনাই আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-2026-2026-01-11-18-58-52.jpeg)
আনহাতে আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। বিগত ৯টা বছৰে চিংথু প্ৰকাশনে যোগ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি অহাৰ বাবে প্ৰকাশন গোষ্ঠীটোৰ শলাগ লয় অধ্যক্ষ জয়ন্ত বৰুৱাই। লগতে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে পাহাৰ আৰু ভৈয়ামৰ মাজত সৃষ্টি কৰা সমন্বয়ৰ সেতুৰে নৱ- প্ৰজন্ময়ো যাতে সাহিত্য সৃষ্টি কৰিব পাৰে, তাৰেই আশা প্ৰকাশ কৰে বৰুৱাই।
হেমকোষৰ ব্ৰেইল সংস্কৰণ পাছত লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়- হেমকোষত ইতিমধ্যে বহুত জনতজাতীয় ভাষা সোমাই আছে। কিন্তু আমি এতিয়া এই ব্ৰেইল সংস্কৰণৰ পাছত আমি নতুনকৈ এটা পদক্ষেপ লৈছো- শব্দকোষ। তাত কাৰ্বি, ৰাভা, মিছিং আৰু বড়ো এই ৪টা জনগোষ্ঠীৰ ভাষা- সংস্কৃতিক লৈ আমি শব্দকোষৰ সৃষ্টি কৰিছো। য’ত প্ৰতিটো জনগোষ্ঠীৰ ৩০ সহস্ৰাধিক শব্দ থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-imag-2026-01-11-18-59-12.jpeg)
গতিকে এই কামটো ব’হাগৰ ভিতৰত সম্পূৰ্ণ হ’ব। তাৰ পৰৱৰ্তী সময়ত আমি টাই, মৰাণ-মটক, কোচ- ৰাজবংশী, দেউৰী, তিৱা আদি সকলো জনগোষ্ঠীক সামৰি আমি শব্দকোষৰ পিছৰ খণ্ড প্ৰকাশ কৰিম। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানৰ মঞ্চত বঁটা প্ৰদানৰ লগতে ৭খন গ্ৰন্থ উন্মোচন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মোমিন, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাৰ লগতে বহুকেইগৰাকী গন্য মান্য ব্যক্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us