ৰাষ্ট্ৰপতি পুটিনক ‘গীতা’ উপহাৰ প্ৰধানমন্ত্ৰী মোডীৰ

দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত দিল্লীৰ পালাম বিমানবন্দৰত পদাৰ্পণ কৰা পুটিনক আদৰণী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

author-image
Asomiya Pratidin
New Update
407

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত দিল্লীৰ পালাম বিমানবন্দৰত পদাৰ্পণ কৰা পুটিনক আদৰণী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মোডী আৰু পুটিন একেখন বাহনতে বহি প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ অভিমুখে ৰাওনা হয়। তাতেই তেওঁৰ নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু নিশাটো প্ৰধানমন্ত্ৰী বাসগৃহতে যাপন কৰে। 

পিছে ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি পুটিনক দিয়ে এক বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়ান ভাষাত লিখা এখন ‘গীতা’ উপহাৰ দিয়ে পুটিনক। এই সন্দৰ্ভত মোদীয়ে কয় যে, গীতাৰ বাখ্যাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰে।

সামাজিক মাধ্যমত এই সন্দৰ্ভত মোদীয়ে লিখে যে, “ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাত শ্ৰীমদভাগৱত গীতাৰ প্ৰতিলিপি উপহাৰ প্ৰদান কৰো। গীতাৰ শিক্ষাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।”

প্ৰধানমন্ত্ৰী