নগাঁও জিলা নিৰ্বাচনী কাৰ্যালয়ত স্মাৰকপত্ৰ প্ৰদান সদৌ অসম উলেমা কাউঞ্চিলৰ

অসমত ২০২৬ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটাৰ তালিকাৰ সংশোধনীক কেন্দ্ৰ কৰি উৎথাপন হৈছে বহু অভিযোগ।

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ, নগাঁও : অসমত২০২৬ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটাৰ তালিকাৰ সংশোধনীক কেন্দ্ৰ কৰি উৎথাপন হৈছে বহু অভিযোগ।

ভুৱা অভিযোগকাৰীয়ে জীৱিত ব্যক্তিকো মৃত্যু অথবা সন্দেহজনক ব্যক্তি বুলি আৱেদন কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা অভিযোগত বুধবাৰে নগাঁও জিলা নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে সদৌ অসম উলেমা কাউঞ্চিলৰ বিষয়ববীয়াই। নগাঁও নিৰ্বাচনী বিষয়াৰ জৰিয়তে মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে কাউঞ্চিলৰ দাবী শুদ্ধ আৰু স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত হওঁক বুলি উল্লেখ কৰে।

আনহাতে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি নকৰিবলৈ নিৰ্বাচনী বিষয়াক দাবী সদৌ অসম উলেমা কাউঞ্চিলৰ।

নগাঁও