ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বাঃতাক সমাৰোহৰ প্ৰস্তুতি

ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বাঃতাক সমাৰোহৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বাঃতাক সমাৰোহৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং জনগোষ্ঠীৰ প্ৰধান জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং , মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাং। জাতীয় সংগঠন কেইটাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে সকলো সাংগঠনিক জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰি অহা হৈছে বাঃতাক সমাৰোহ। ঢকুৱাখনা জিলা সমিতিসমূহৰ উদ্যোগটো এই সমাৰোহ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

Advertisment

অহা ৮ ছেপ্টেম্বৰত মাতমৰাৰ খেৰকটা মহাবিদ্যালয় প্ৰাঙ্গনত এদিনীয়া কাৰ্যসূচীৰে এই সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি তুংগত উঠিছে। একেলগে ২০ হাজাৰ দৰ্শক আৰু প্ৰতিনিধি বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সুদৃশ্যমান মণ্ডপ। মিচিং জাতীয় সংগঠনৰ তিনিওখন জিলা সমিতিৰ  অন্তৰ্গত ১৪৯ খন বাঃতাক সমিতিৰ কৰ্মকর্তাই অংশ গ্ৰহণ কৰিব লগা এই সমাৰোহৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত ব্যক্ত কৰি জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতা সুনীল কুমাৰ পেগুৱে বিগত ৪২ বছৰীয়া স্বাধীকাৰ প্ৰাপ্তিৰ গণতান্ত্ৰিক গণ সংগ্ৰামখনৰ জৰিয়তে আজুৰি আনিবলৈ সক্ষম হোৱা নাৰ্য প্ৰাপ্তি সমূহৰ সাৰ্বজনীন অৱগতকৰণ কৰা , মিচিং জাতীয় সংগঠনৰ আজন্ম দাবী সমূহৰ পূৰ্ণতা প্ৰাপ্তি আৰু অন্যান্য দাবী সমূহ পূৰণৰ সম্ভাৱনীয়তা আদি দিশ সমূহ সংগঠনৰ প্ৰতি গৰাকী গাঁও সদস্যক পোনপটীয়া ভাবে অৱগত কৰাৰ বাবে এই সমাৰোহ অনুষ্ঠিত কৰা বুলি জানিবলৈ দিলে।

এখন সুন্দৰ প্ৰগতিশীল সমাজ গঠনৰ লক্ষ্যৰে আয়োজিত এই সমাৰোহৰ  অন্যতম উদ্যোগক্তা টি এম পি কেৰ জিলা সম্পাদক অমৰজিত দলেয়ে  সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি জানিবলৈ দি প্ৰবীণ জনগোষ্ঠীয় নেতা তথা এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া , অধ্যক্ষ সুনীল কুমাৰ পেগু, জনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু , মিচিং জনগোষ্ঠীয় জাতীয় সংগঠন সমূহৰ সকলো কেন্দ্ৰীয় আৰু জিলা নেতৃত্বই এই সমাৰোহত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দি স্বজাতিৰ কথা বাৰ্তা মুকলি কৈ পাতিবলৈ এই বিশাল আয়োজন কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । সাংগঠনিক জিলাৰ ২০হাজাৰ প্ৰতিনিধিক আদৰিবলৈ খেৰকটা মহাবিদ্যালয় প্ৰাংগনৰ সুবিশাল মণ্ডপৰ লগতে জিলা সমিতি সমূহ সাজু বুলি কৈ সমাৰোহলৈ স্বজাতিৰ সকলো শুভাকাংক্ষীক নিমন্ত্ৰণ জনাইছে।

Also Read: পাতি লোৱা বায়েকৰ বিয়াৰ উপহাৰ হিচাপে ৩ কোটি টকাৰ খৰচ বহন কৰিছিল বিশালে

dhakuakhana