২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পার্টীৰ প্ৰস্তুতি আৰম্ভ

২০২৬ত অসমত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে আম আদমি পার্টীয়ে। মঙলবাৰে আপ, অসমৰ ২৫ জনীয়া দলে দিল্লীত দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰি অসমত দলটোৱে কৰা সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰে। 

author-image
Asomiya Pratidin
New Update
74

ডিজিটেল সংবাদ, গুৱাহাটী : ২০২৬ত অসমত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে আম আদমি পার্টীয়ে। মঙলবাৰে আপ, অসমৰ ২৫ জনীয়া দলে দিল্লীত দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰি অসমত দলটোৱে কৰা সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰে। 

Advertisment

আপ, অসমৰ ৰাজ্যিক সভাপতি ডা০ ভবেন চৌধুৰী আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাবধায়ক ৰাজেশ শর্মাৰ নেতৃত্বত দলটোৱে ফুলাম গামোছা, শৰাইয়েৰে কেজৰিৱালক সম্বৰ্দ্ধনা জনাই অসমৰ সাংগঠনিক দিশটোৰ আলোকপাত কৰে। কেজৰিৱালে অসম ভ্রমণলৈ আহিবলৈ ইচ্ছা প্রকাশ কৰাৰ লগতে ইয়াৰ বাবে এটা কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ দল অতি শীঘ্রে অসমলৈ পঠিওৱাৰ সিদ্ধান্ত গ্রহণ কৰে। 

WhatsApp Image 2025-08-12 at 7.01.23 PM (1)

কেজৰিৱালে অসমৰ সাংগঠনিক কাম-কাজ নিজে তদাৰক কৰিব বুলি জানিবলৈ দি আগন্তুক ২০২৬ ৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি সাংগঠনিক কাম-কাজ আগবঢ়াই লৈ যাবলৈ সকলোকে আহ্বান জনায়। কেজৰিৱালক সাক্ষাৎ কৰি ৰাজ্যিক সভাপতি ডা০ ভবেন চৌধুৰীয়ে অসমত এক বিকল্প, সৎ আৰু জনমুখী কামৰ ৰাজনীতি প্রতিষ্ঠা কৰিবলৈ আম আদমি পার্টী সদায় দৃঢ় প্রতিজ্ঞ বুলি উল্লেখ কৰি কেজৰিৱালৰ সৈতে এই সম্পর্কই ভবিষ্যতে পৰিবর্তনশীল ৰাজনীতিত এক নতুন দিশ প্রদান কৰিব বুলি আশা প্রকাশ কৰে। 

WhatsApp Image 2025-08-12 at 7.01.23 PM

আপ, অসমৰ প্রতিনিধি দলটোৱে দিল্লীত আজি অৰবিন্দ কেজৰিৱালৰ উপৰিও ৰাজ্যসভা সাংসদ সঞ্জয় সিং, ৰাষ্ট্ৰীয় মুখপাত্র প্রিয়ংকা কক্কৰ, ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ক অনুৰাগ দান্দাকো সাক্ষাৎ কৰে। বুধবাৰে আপ, অসমৰ প্রতিনিধি দলটোৱে দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক সন্দীপ পাঠকৰ সৈতে এক দিনজোৰা আলোচনাত মিলিত হ'ব।

আপ আপ অসম