/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f96ee94b-090f-4e6f-b37e-8a8cfc3e1c0d/batradava_30.jpg)
batradava
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশে দুৰ্গাপূজাৰ ধামখুমীয়াৰ বিপৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত চলিছে গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপনৰ প্ৰস্তুতি। তিনিদিনীয়া কাৰ্যসূচীৰে অহা ৪ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ।
কাৰ্যসূচী অনুসৰি ১৭ অহিন, ৪ অক্টোবৰৰ পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ পিচতেই আই খেৰসূতী সাংস্কৃতিক মঞ্চত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইদিনা দুপৰীয়া প্ৰসংগৰ পিচতেই ১ বজাত শলগুৰী সত্রৰ সত্রাধিকাৰ তথা থান পৰিচালন সমিতিৰ সভাপতিৰ উদ্বোধনৰে আৰম্ভ হ'ব সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগীতা।
ইফালে দিনৰ দুই বজাত নাটঘৰত গুৰুচৰিত পাঠ হ'ব। সন্ধ্যা ৬ বজাত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগীতা অনুষ্ঠিত হ'ব। অনুষ্ঠানটিত বিশিষ্ট অথিতি হিচাবে উপস্থিত থাকিব নগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ধিং ৰাজহ চক্ৰৰ বিষয়া।
৫ অক্টোবৰৰ দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ লগতে পুৱা দুই সত্রৰ যুৱক-যুৱতীসকলৰ দ্বাৰা উষাকীৰ্তন হ'ব। ৮-৩০ বজাত বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন হ'ব। ৯-৩০ বজাত থিতাতে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১১ বজাত গুৰু জন্মজয়ন্তী উপলক্ষ্যে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব।
সন্ধ্যা ৬ বজাত ৫৭৪ গছি বন্তি প্ৰজ্বলন কৰিব। নিশা ৯-৩০ বজাত শলগুৰি সত্রৰ ৰাইজৰ দ্বাৰা "শ্যামন্ত হৰণ" ভাওনা প্ৰদৰ্শন কৰা হ'ব। ১৯ আহিন ৬ অক্টোবৰ বৃহস্পতিবাৰে থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও দিনৰ ১ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব।
থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্তই উদ্বোধন কৰিবলগিয়া সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক চন্দন শৰ্মা, থান পৰিচালন সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ নৰেন কলিতাই। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নগাঁও জিলা সত্র মহাসভাৰ কাৰ্যকৰী সভাপতি থগিত মহন্ত, শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ সদস্য শনিৰাম দাস, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, শিমলুগুৰি একশৰন ভাগৱতী সমাজৰ সদস্য মোলান দাসে।
সন্ধ্যা ৭-৩০ বজাত সত্রীয় নৃত্য আৰু বিভিন্ন জনগোষ্ঠীৰ ধৰ্মীয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বটদ্ৰৱা থানত অনুষ্ঠিত হ'বলগিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱৰ বাবে বটদ্ৰৱা থান চৌহদ পৰিস্কাৰ কৰি, সকলো পৰাই তুলিবৰ বাবে ভকত বৈষ্ণৱ দিনে নিশাই ব্যস্ত হৈ পৰিছে।
সাংস্কৃতিক অনুষ্ঠানৰ বাবে আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। জন্মজয়ন্তী উৎসৱৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্ত ভাবে কামনা কৰিছে বটদ্রৱা থান পৰিচালনা সমিতিয়ে।