/asomiyapratidin/media/media_files/2025/11/03/113-2025-11-03-17-40-17.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সোমবাৰে মহানগৰীৰ পূব প্ৰান্তৰ চপাইদাং জনজাতি ৰূপালী সংঘ প্ৰাঙ্গণত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ৰঘুনাথ চৌধাৰী সাহিত্য সভা, বোন্দাৰ আতিথ্যত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সাহিত্য সভাৰ ১৯৩৬ চনৰ তেজপুৰ অধিৱেশনৰ সভাপতি, বিহগী কবি ৰঘুনাথ চৌধাৰী ৬৮ সংখ্যক স্মৃতি দিৱস উদযাপন সম্পৰ্কে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বৈকুণ্ঠ নাথ দাসে।
সভাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, শাখা সাহিত্য সভাৰ হৈ উপদেষ্টা ছাঞ্চিৰাম পায়েং, গজেন চন্দ্ৰ নাথ, উপ-সভাপতি প্ৰশান্ত গগৈ, সাংগঠনিক সম্পাদক অৰুণ বড়ো, সহকাৰী সম্পাদক হিতেশ চন্দ্ৰ দাস, সদস্য দিলীপ কুমাৰ শৰ্মা, বনমালী ভট্টাচাৰ্যই অংশ লৈ সাহিত্য সভাৰ লক্ষ্য, উদ্দেশ্য, ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস উদযাপনৰ প্ৰাসংগিকতা বিশদভাৱে বুজায় দিয়ে।
বিস্তৃত আলোচনাৰ অন্তত অৰুণ বড়ো, ধীৰেণ দাসক উপদেষ্টা, প্ৰবীণ চন্দ্ৰ বড়োক সভাপতি, গাৰ্গী শইকীয়া হাজৰিকা, ভৰলু বড়োক উপ-সভাপতি, পংকজ বড়োক সম্পাদক , যান্ত্ৰিকা বড়ো, প্ৰণৱ কুমাৰ দত্তক সহকাৰী সম্পাদক, বোধিমত্ত শৰ্মাক বৃত্ত শৰ্মাক বিত্তৃয় সম্পাদক, ডিম্পী বড়ো ডেকাক সাংস্কৃতিক সম্পাদক, চবিন চন্দ্ৰ বড়ো, ফটিক গগৈ, নৰেন দৈমাৰী, টিকেন্দ্ৰ নাথ শৰ্মা, দেবেন বড়ো, অনিতা কলিতা, ভাগ্য বড়ো, প্ৰতিভা ডেকা, ক্ষীতিন্দ্ৰ পাঠক, মহেশ্বৰী বড়ো, মিনতি কলিতা, দীপাঞ্জলি বড়োক কাৰ্যকৰী সদস্য হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us