দেশজুৰি ৭৯তম স্বাধীনতা দিৱস উদযাপনৰ পূৰ্ণ প্ৰস্তুতি

১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, নিজ ভাষণত শ্ৰী মোডীয়ে অপাৰেচন সিন্দুৰৰ কথাও উল্লেখ কৰিব...

author-image
Asomiya Pratidin
New Update
web ap modi

ডিজিটেল ডেস্কঃ  সমাগত স্বাধীনতা দিৱস। ৭৯তম স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে। দেশজুৰি উদযাপনৰ প্ৰস্তুতি চলি থকা লগতে অতিথিসকলক নিমন্ত্ৰণ কৰিবলৈ নিমন্ত্ৰণী পত্ৰ ছপা কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ আমন্ত্ৰণী পত্ৰত ব্যৱহাৰ কৰা হ'ব অপাৰেচন সিন্দুৰৰ ল’গ’।

পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে PoK আৰু পাকিস্তানত থকা ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। ইয়াৰ পিছত পাকিস্তানী সেনা আৰু বায়ুসেনাই ভাৰতীয় সামৰিক আৰু অসামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰে, যিটো ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰে।

এই সংঘাত ৭ মে’ৰ পৰা ১০ মে’লৈকে চলিছিল। ১০ মে’ৰ সন্ধিয়াৰ পৰা যুদ্ধবিৰতি সংঘটিত হৈছিল যদিও অপাৰেচন সিন্দুৰ বৰ্তমানেও চলি থকাৰ কথা উল্লেখ কৰিছে বিষয়া সকলে। ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, নিজ ভাষণত শ্ৰী মোডীয়ে অপাৰেচন সিন্দুৰৰ কথাও উল্লেখ কৰিব

প্ৰধানমন্ত্ৰীৰ ভাষণৰ বাবেও দেশবাসীৰ পৰা পৰামৰ্শ বিচাৰি বিজেপিয়ে ভাষণত গুৰুত্বপূৰ্ণ পৰামৰ্শ সন্নিবিষ্ট কৰা হ’ব বুলি উল্লেখ কৰিছে। ইফালে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰত পতাকা উত্তোলন কৰা সময়তে ৰাষ্ট্ৰীয় সংগীত বাজিব, সমান্তৰালকৈ ২১ জাই গুলিৰে সন্মান প্ৰদৰ্শন কৰিব।

স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে অসম খাদী আৰু গ্ৰমোদ্যোগ ব'ৰ্ড। ১১গৰাকী কৰ্মচাৰীয়ে গুৱাহাটীৰ চানমাৰিত থকা কাৰ্যালয়ত ভিন ভিন আকাৰৰ জাতীয় পতাকা চিলাইছে। প্ৰায় ১০০ টকাৰ পৰা ৪,৭০০ টকা পৰ্যন্ত পতাকা নিৰ্মাণ কৰিছে বিভাগটোৱে। কৰ্তৃপক্ষই জনোৱা মতে এইবাৰ মুঠ ২০ লাখ টকাৰ পতাকা বিক্ৰীৰ লক্ষ্য গ্ৰহণ কৰিছে অসম খাদী আৰু গ্ৰমোদ্যোগ ব'ৰ্ডে।
আনহাতে, অসম সচিবালয়, অসম বিধানসভাৰ ওপৰি প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত পূৰ্ণ গতিত চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি। পেৰেড গ্ৰাউণ্ড সমূহত অনুশীলনত ব্যস্ত আৰক্ষী-নিৰাপত্তাৰক্ষীসকল। 
গুৱাহাটীৰ খানাপাৰাতো চলি আছে পেৰেডৰ অনুশীলন। প্ৰাপ্ত তথ্য অনুসৰি, পেৰেডত ২০ৰো অধিক প্লাটুনে অংশগ্ৰহণ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰ আৰক্ষীয়েও অংশ ল’ব খানাপাৰাৰ পেৰেড।
স্বাধীনতা দিৱস