ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি...

ৰহা সমজিলাৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ মহা আয়োজন চলিছে ৷  ১৯৬৪ চনতে প্ৰতিষ্ঠা হোৱা ৰহাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনে এইবাৰ হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে ৷

author-image
Asomiya Pratidin
New Update
223

ডিজিটেল সংবাদ, ৰহা : ৰহা সমজিলাৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ মহা আয়োজন চলিছে ৷  ১৯৬৪ চনতে প্ৰতিষ্ঠা হোৱা ৰহাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনে এইবাৰ হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে ৷

অহা ২১ আৰু ২২ নবম্বৰৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই হীৰক জয়ন্তী মহোৎসৱৰ ৷ তাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ শুক্ৰবাৰে বিয়লি এক সংবাদমেলযোগে হীৰক জয়ন্তীৰ কাৰ্যসূচী প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই ৷

হীৰক জয়ন্তী মহোৎসৱৰ কাৰ্যসূচী মতে ২১ নবেম্বৰত পুৱা মদাবিদ্যালয়ৰ পতাকা উত্তোলন, হীকৰ জয়ন্তীৰ উপলক্ষে ৬০খন পতাকা উত্তোলন, মহাবিদ্যালয় সংগীত পৰিবশন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰ পিচতে সম্বৰ্ধনা, অন্তৰংগ আলাপ, শৈক্ষিক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷

বিয়লি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ তথা অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধিয়া ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

২২ নবেম্বৰত পুৱা ৯ বজাত উলিওৱা হ’ব বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ’ব মুকলি সভা ৷

মুকলি সভাত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ নিশা সাংস্কৃতিক অনুষ্ঠানেৰে মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উৎসৱৰ সামৰণি পৰিব ৷

উল্লেখ্য যে ১৯৬৪চনতে স্থাপন হোৱা ৰহা মহাবিদ্যালয়ত ২০১৭চনৰ পৰা বেচৰকাৰীভাৱা বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি কৰা হয় ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ এখন জনসভাত ৰহা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰাদেশিকীকৰণ কৰাৰ কথা ঘোষণা কৰাত মহাবিদ্যালয়খনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

ৰহা