ওদালগুৰিত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয় খেলপথাৰতো বিগত বৰ্ষসমূহৰ দৰে এইবেলিও দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসটি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হব

author-image
Asomiya Pratidin
New Update
web udalguri

ডিজিটেল সংবাদ, ওদালগুৰি : সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয় খেলপথাৰতো বিগত বৰ্ষসমূহৰ দৰে এইবেলিও দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসটি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হব। এই উপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা ৬-৩০ বজাত দেশপ্ৰেমমূলক গান প্ৰচাৰ, ৭-০০ বজাত চৰকাৰী আৰু ব্যক্তিগত বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৭-৩০ বজাত চৰকাৰী বেচৰকাৰী কাৰ্যালয়-শিক্ষানুষ্ঠানত পতাকা উত্তোলন। পুৱা ৮-৫০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰা হ'ব।

একেদৰে পুৱা ৯-০০ বজাত অনুষ্ঠানৰ মুখ্য অতিথি তথা বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৯-০৫ বজাত মুখ্য অতিথিৰ ভাষণ, ৯-২৫ বজাত পেৰেডত অংশগ্ৰহণকাৰী আৰক্ষী তথা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দলে পেৰেড প্ৰদৰ্শন কৰিব।

ইয়াৰ পাছতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। ১০-১৫ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰৰ কয়দী আৰু ৰোগীৰ মাজত ফল-মূল আৰু পুষ্টিকৰ খাদ্য বিতৰণৰ পিছত আবেলি ৩-৩০ বজাত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ'ব।

সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আলোকসজ্জাৰ পিছতেই সামৰণি পৰিব স্বাধীনতা দিৱসৰ কাৰ্যসূচী। উল্লেখ্য যে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কূটাঘাট ৰোধৰ বাবে সষ্টম হৈ পৰিছে ওদালগুৰি আৰক্ষী। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ লগতে ভাৰত-ভূটান-অৰুণাচল প্ৰদেশ সীমান্ততো পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে।

ওদালগুৰি