জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি

ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্মীয় অনুষ্ঠানভাগ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰীস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক আয়োজন।

author-image
Asomiya Pratidin
New Update
594

ডিজিটেল সংবাদ, জামুগুৰিহাট : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনখনি এইবেলি অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৷ ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্মীয় অনুষ্ঠানভাগ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰীস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক আয়োজন। 

সন্মুখত মাথো ২৮ টা দিন, গতিকে এতিয়া আদৰণী সমিতি আৰু সেৱক-সেৱীকাসকলৰ মাজত ভীষণ ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ অধিবেশন উদযাপনস্থলীত নিৰ্মাণ কৰি উলিওৱা হৈছে এক সুবিশাল কীৰ্তন গৃহ ৷ এশ (১০০) ফুট দীঘল আৰু পঞ্চাশ (৫০) ফুট বহল এই অস্থায়ী কীৰ্তন গৃহৰ ৯০ শতংশই নিৰ্মাণৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে ৷

ইয়াতেই অহা ১৭ জানুৱাৰীত গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব বুলি আদৰণী সমিতিয়ে জানিবলৈ দিছে ৷ ইয়াকে লৈ এতিয়া শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন উদযাপন সমিতি তথা জামুগুৰিয়া ৰাইজৰ গাত ত'ত নাই ।

কেৱল জামুগুৰিহাটে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা শ শ ৰাইজ আই মাতৃ যুৱক-যুৱতী আহি জ্যোতি - বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ বিভিন্ন কামত লগা পৰিলক্ষিত হৈছে । অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ উপৰিও নগাঁও, কলিয়াবৰ আৰু বিশ্বনাথৰ লগতে আন আন জিলাৰ পৰা ৰাইজ আহি অধিবেশন থলীৰ বিভিন্ন শিবিৰ আদি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে ৷

লগতে অঞ্চলটোৰ ইছলাম ধৰ্ম্মালম্বী লোক সকলো স্বতঃস্ফূৰ্তভাৱেই ওলাই আহি ৰাজহুৱা শ্ৰমদানত অংশগ্ৰহণ কৰিছে আৰু শিবিৰ নিৰ্মাণত সহযোগিতা আগবঢ়াইছে । প্ৰতিদিনে অধিবেশনথলীত হিল-দল ভাঙি ৰাইজ তথা আই-মাতৃ উপস্থিত হৈ শিবিৰ তৈয়াৰ কৰাকে ধৰি স্বতঃস্ফুৰ্তভাৱে বিভিন্ন কামত লাগি পৰিছে ৷ কামৰ মাজে মাজে ৰাইজ, আই মাতৃৰ হৰি নামৰ ধ্বনিয়ে পৰিবেশটোৱেই বৈকুণ্ঠ নগৰী কৰি তোলা পৰিলক্ষিত হৈছে । উপ সমিতি সমূহে নিজৰ নিজৰ কামত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ