/asomiyapratidin/media/media_files/2025/08/14/103-2025-08-14-17-34-56.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস দিনজোৰাকৈ ঢকুৱাখনা সমজিলাত পালনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব স্বাধীনতা দিৱস ।
পুৱা প্ৰভাত ফেৰী, দেশ প্ৰেমমূলক গীত পৰিবেশন, আৱাস গৃহ, চৰকাৰী কাৰ্যালয়ত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পাছতে মুখ্য অতিথি সমজিলা আয়ুক্ত সংস্কৃতি ছুমানিৰ দ্বাৰা অভিবাদন গ্ৰহণ আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব । সমজিলাখনৰ গৰিষ্ঠসংখ্যক শিক্ষানুষ্ঠান, অসম আৰক্ষী , সমৰ কলা প্ৰশিক্ষণ প্ৰতিষ্ঠানকে ধৰি বহু সংখ্যকে মুখ্য অতিথিক অভিবাদন জনাব ।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, বিগত প্ৰায় এক সপ্তাহ ধৰি ৰাজহুৱা খেলপথাৰত অব্যাহত আছে বিভিন্ন অংশগ্ৰহণকাৰী দলৰ শৃংখলাবদ্ধ অনুশীলন । ভিন্ন ৰঙী ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হ'ব লগা স্বাধীনতা দিৱসৰ সতে সংগতি ৰাখি সমজিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে সন্ধিয়া চৰকাৰী কাৰ্য্যালয় , বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান , গান্ধী ময়দান আলোকিতকৰণ কৰা হ'ব।
তাৰোপৰি দিৱসৰ সতে ৰজিতা খুৱাই সন্ধিয়া ঘিলামৰা কৃষ্টি ভৱনত অনুষ্ঠিত হ'ব নৃত্য , গীত , নাটৰ এক অমিয়া সাংস্কৃতিক অনুষ্ঠান । সমজিলা প্ৰশাসনে এই দিৱসৰ প্ৰতিটো কাৰ্যসূচীত ঢকুৱাখনা সমজিলাৰ সকলো নাগৰিকৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।