/asomiyapratidin/media/media_files/2025/11/26/322-2025-11-26-08-27-44.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ডুমডুমীয়াৰ সমীপৱৰ্তী জেঙনী গাঁও নিৱাসী যুৱক ৰিজাবুল ইছলামৰ পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যু হয়। ডুমডুমীয়াৰ মাৰ্কাজ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক ৰিজাবুল ইছলাম যোৱা ১৬ নৱেম্বৰত কৰ্মস্থলীৰ পৰা গৃহলৈ উভতাৰ সময়ত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
স্থানীয় ৰাইজে লগে লগে তেওঁক নগাঁৱৰ চিকিৎসালয়লৈ নিছিল যদিও আঘাত গুৰুতৰ হেতু পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। তাতে চিকিৎসাধীন অৱস্থাত যুৱকজনৰ মৃত্যু হয়। উচ্চ শিক্ষিত, সৰল মনৰ, অমায়িক যুৱকৰ অকাল মৃত্যুত অঞ্চলত শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us