চিৰাঙৰ বেংতলত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি যজ্ঞাহুতি

চিৰাং জিলাৰ বেংতলত বড়োসকলৰ ধৰ্মীয় অনুষ্ঠান "স্বৰূপ স্থিতি প্ৰচাৰ সংসদ" ৰ উদ্যোগত বিশ্বশান্তিৰ হকে আয়োজিত চাৰিদিনীয়া অখণ্ড মহাযজ্ঞৰ বুধবাৰে সফল সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
423

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বেংতলত বড়োসকলৰ ধৰ্মীয় অনুষ্ঠান "স্বৰূপ স্থিতি প্ৰচাৰ সংসদ" ৰ উদ্যোগত বিশ্বশান্তিৰ হকে আয়োজিত চাৰিদিনীয়া অখণ্ড মহাযজ্ঞৰ বুধবাৰে সফল সামৰণি পৰে। "স্বৰূপ স্থিতি প্ৰচাৰ সংসদ" ৰ চিদলী-চিৰাং আঞ্চলিক সমিতিৰ উদোগত "বিশ্ব শান্তি"ৰ হকে আয়োজিত এই চাৰিদিনীয়া মহাযজ্ঞ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে তেখেতৰ আত্মাৰ শান্তি কামনা কৰি যজ্ঞাহুতি প্ৰদান কৰে বড়ো জনগোষ্ঠীয় ভক্তপ্ৰাণ ৰাইজে।

উল্লেখ যে ২১ চেপ্তেম্বৰৰ পবিত্ৰ মহালয়াৰ লগতে সঙ্গতি ৰাখি আয়োজিত এই চাৰিদিনীয়া অখণ্ড মহাযজ্ঞ অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা কেইবা সহস্ৰাধিক ধৰ্মপ্ৰাণ বড়ো জনগোষ্ঠীয় ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ হকে অখণ্ড যজ্ঞাহুতি প্ৰদান কৰে। এটা বিশেষ ধৰ্মীয় অনুষ্ঠানত প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ বাবে বিশেষ ভাৱে বৈদিক মন্ত্ৰাচ্চৰণ কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰা সন্দৰ্ভত আয়োজক সমিতি ফালৰ পৰা কোৱা হয় যে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে বড়ো সমাজতো সমানে জনপ্ৰিয়তা আছিল অসমৰ সৰ্বকালৰ মহান কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গ।

তেখেতৰ এই অকাল মৃত্যুত আমি সবে শোকাহত হৈছো । সেয়ে আমি "স্বৰূপ স্থিতি প্ৰচাৰ সংসদ" ৰ উদ্যোগত আয়োজিত এই বিশ্বশান্তি মহাযজ্ঞ অনুষ্ঠানত এই মহান কন্ঠশিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি বিশেষ যজ্ঞাহুতি প্ৰদান কৰা হৈছে ।

"স্বৰূপ স্থিতি প্ৰচাৰ সংসদ" (সনাতন) ৰ প্ৰতিষ্ঠাপক শ্ৰীমদ পৰমহংস শিৱনাৰায়ণ স্বামীৰ অন্যতম অনুগামী গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ধৰ্মীয় আদৰ্শ, ধৰ্মীয় আলোচনা চক্ৰ , কুসংস্কাৰ মুক্ত সমাজ গঠন, শাস্ত্ৰ বিচাৰ আদিৰ ওপৰত এই চাৰিদিনীয়া মহাযজ্ঞ কাৰ্য্যসূচীত আলোকপাত কৰা হয় বুলি আয়োজক সমিতি ফালৰ পৰা সদৰি কৰা হয় ।

জুবিন গাৰ্গ