সৰুপেটাত 'প্ৰত্যুষ' আলোচনীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

সৰুপেটাৰ পৰা নিৰৱচ্ছিন্নভাৱে প্ৰকাশ পাই অহা 'প্ৰত্যুষ' নামৰ আলোচনীখনৰ প্ৰকাশৰ পঁচিশ বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে সৰুপেটাৰ সাহিত্য সভা ভৱনৰ বাকৰিত আলোচনীখনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
308

ডিজিটেল সংবাদ, সৰুপেটা : সৰুপেটাৰ পৰা নিৰৱচ্ছিন্নভাৱে প্ৰকাশ পাই অহা 'প্ৰত্যুষ' নামৰ আলোচনীখনৰ প্ৰকাশৰ পঁচিশ বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে সৰুপেটাৰ সাহিত্য সভা ভৱনৰ বাকৰিত আলোচনীখনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। উল্লেখযোগ্য যে সৰুপেটা অঞ্চলৰ পৰা পঁচিশ বছৰ আগেয়ে চম্পক কুমাৰ দাসৰ লগতে এচাম যুৱ সাহিত্যনুৰাগীৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰকাশৰ পায় প্ৰত্যুষ আলোচনীখন।

এই উপলক্ষে আজি '২৫ বছৰীয়া বৰ্ণিল প্ৰত্যুষ' নামৰ স্মৰণিকা এখনৰ লগতে আন তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। দিনৰ প্ৰায় ১২-০০ বজাত দ্বীপজ্যোতি বৈশ্য আৰু মিতালী দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত '২৫ বছৰীয়া বৰ্ণিল প্ৰত্যুষ' স্মৰণিকাখন  উন্মোচক কৰি হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূষণ চন্দ্ৰ পাঠকে আজিৰ এই দুঃসময়ত সৰুপেটাৰ দৰে মফচলীয় এক অনুন্নত অঞ্চলৰ পৰা বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে 'প্ৰত্যুষ'ৰ দৰে এখন  আলোচনীয়ে সফলতাৰে পঁচিশটা বসন্ত অতিক্ৰম কৰা কাৰ্যক 'অঞ্চলটোৰ ৰাইজ ধনৰ ধনী নহলেও মনৰ ধনী হোৱা কথাটো প্ৰমাণ কৰা' বুলি মন্তব্য কৰে।

ভাষণত তেওঁ কয়- যি জাতিৰ সাহিত্য-সংস্কৃতি নাথাকে, সেই জাতি দীৰ্ঘদিন টিকি নাথাকে। সংস্কৃতিবান হ'লেহে মানুহ প্ৰকৃতাৰ্থত ধনী হয়। সাহিত্য সমাজৰ দাপোন। ভাষা শুদ্ধকৈ লিখিব লাগিলে ব্যাকৰণ ভালদৰে জানিব লাগিব। নীতিবচন সম্পৃক্ত সৰু সৰু কাহিনীসমূহে আমাৰ মগজুৰ চিন্তাৰ কোষ মুকলি কৰে।

সমাজখনৰ ইতিবাচক-নেতিবাচক কথাবোৰ সাহিত্যই দেখুৱায়। 'প্ৰত্যুষ' আলোচনীখনেও দীৰ্ঘদিন এই কামকেই কৰি আহিছে। অনুষ্ঠানত নন্দেশ্বৰ দাসৰ গ্ৰন্থ 'মানস কন্যা' উন্মোচন কৰি দিয়া ভাষণত অসম সাহিত্য সভাৰ জালাহস্থিত ভাষা প্ৰশিক্ষণ কাৰ্যালয়ৰ বিষয়া তথা শালবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গণেশ চন্দ্ৰ নাথে 'গ্ৰন্থক মানৱ জীৱনৰ অপৰিহাৰ্য অঙ্গ' বুলি মন্তব্য কৰে।ভাষণত তেওঁ কয়--গ্ৰন্থই ভগৱানক প্ৰতিনিধিত্ব কৰে।গ্ৰন্থ হ'ল ভগৱানৰ প্ৰতিৰূপ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ,মাধৱদেৱ অথবা আমাৰ প্ৰাতঃস্মৰণীয় দিগ্‌গজ সাহিত্যিক পণ্ডিতসকলক জীৱনকালত দেখা নাই যদিও তেওঁলোকৰ চিন্তন মননৰ আভাষ আমি গ্ৰন্থৰ‌ জৰিয়তে লাভ কৰি আহিছো। গ্ৰন্থবিহীন ঘৰ,দৰ্জা-খিৰিকীবিহীন একো একোটা ঘৰৰ লেখীয়া।

গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি আমাৰ প্ৰাপ্তি,আমাৰ অধিকাৰ বিষয়ত সচেতন হ'ব পাৰো। আন এগৰাকী দেৱেশ্বৰ শৰ্মাৰ কাব্য গ্ৰন্থ 'মধুময় প্ৰাপ্তি'ৰ উন্মোচক পৃথুৰাম বৰুৱাই ভাষণত 'দেৱেশ্বৰ শৰ্মাৰ গ্ৰন্থখনত চাগে আমি সাহিত্যৰ মধু পাম' বুলি ৰসিকতাৰে মন্তব্য কৰে। 'গ্ৰন্থইহে মানুহক জীয়াই ৰাখে' বুলিও তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।আন এগৰাকী সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃৰমেশ চন্দ্ৰ দাসে চম্পক কুমাৰ দাস আৰু সমীন কুমাৰ বৰ্মণ ৰচিত 'সময়ৰ চাকনৈয়াত ভাইটি হেৰাল' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত কয়--সৰুপেটা অঞ্চলৰ ৰাইজ অকল আৰ্থিকভাৱেই নহয়,সাহিত্য-সংস্কৃতিৰ দিশেৰেও 'ধনী'।আজিৰ অনুষ্ঠানত উন্মোচিত চাৰিখনকৈ গ্ৰন্থই এনে কথাই প্ৰমাণ কৰিছে।

তেওঁ কয়--জ্ঞান আহৰণৰ কাৰণে কোনো বয়স অথবা সময়সীমা নাথাকে। প্ৰসঙ্গক্ৰমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণীয় উক্তি 'কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে' আৰু পাকিস্থানৰ ন'বেল বঁটা বিজয়ী লেখিকা মালালা ইউছুফৰ 'এগৰাকী ছাত্ৰ,এখন কিতাপ আৰু এটা কলমে সমগ্ৰ দেশখনকেই সলনি কৰি দিব পাৰে' বুলি কৰা কথাৰ উদ্ধৃতিৰে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কত সৰস ব্যাখা আগবঢ়ায়।

অনুষ্ঠানৰ আৰম্ভণিতে বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই আজি 'লাচিত দিৱস' উপলক্ষে মহাবীৰ লাচিত বৰফুকনৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতি জগতলৈ বিপুল বৰঙণি আগবঢ়োৱা 'সুধাকণ্ঠ' ডঃভূপেন হাজৰিকা,প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰখ্যাত সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা আদিৰ দৰে ৰাজ্যখনৰ প্ৰয়াত কেইবাগৰাকীও কৃতবিদ্য ব্যক্তিৰ প্ৰতিচ্ছবিৰ সন্মুখত বিভিন্ন গৰাকীয়ে বন্তি প্ৰজ্বলন কৰে।

অনুষ্ঠানত প্ৰবোধ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে 'সপ্তম সৰুপেটা' নামৰ গোষ্ঠীটোৰ শিল্পীসকলৰ দ্বাৰা ডঃ অমৰজ্যোতি চৌধুৰীৰ 'মৃত্যু জিনাৰ গান' শীৰ্ষক কবিতাটিৰ আবৃত্তি সমবেত কণ্ঠত পৰিবেশন কৰা হয়। অনুষ্ঠানত স্থানীয় শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে উপস্থিত দৰ্শকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানো ৰূপায়ন কৰা হয়।অনুষ্ঠানত অভ্যাগতসকলৰ প্ৰতিগৰাকীকে একোটিকৈ স্মাৰক আৰু গ্ৰন্থৰ টোপোলা উপহাৰ হিচাপে আগবঢ়ায় । প্ৰত্যুষৰ সাহিত্য প্ৰতিযোগিতাৰ  বিজয়ীসকলক এই অনুষ্ঠানতে বঁটাসমূহ প্ৰদান কৰা হয়

অসমীয়া আলোচনী