অসম তথা উত্তৰ পূৰ্বাঞ্চলক পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে দেওবাৰৰ পৰা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৫'

যোৱা তিনিটা বছৰৰ সফলতাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ প্ৰয়াসেৰে প্ৰস্তুতি সম্পূৰ্ণ হৈছে ‘দ্য কনক্লেভ-২০২৫’ ৰ।

author-image
Tushar Pratim
New Update
অসম তথা উত্তৰ পূৰ্বাঞ্চলক পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে দেওবাৰৰ পৰা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৫'

ডিজিটেল ডেস্কঃ যোৱা তিনিটা বছৰৰ সফলতাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ প্ৰয়াসেৰে প্ৰস্তুতি সম্পূৰ্ণ হৈছে দ্য কনক্লেভ-২০২৫ ৰ।১৪ ছেপ্তেম্বৰ, দেওবাৰৰ পৰা ৰাজধানী দিল্লীত অনুষ্ঠিত হব প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ দ্য কনক্লেভ-২০২৫। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি অনুষ্ঠিত হৈ অহা দ্য কনক্লেভৰ এয়া চতুৰ্থ সংস্কৰণ।

দিল্লীৰ দ্য অশোকত দেওবাৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া কনক্লেভ আৰ্ট ফৰ লিভিঙৰ প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক গুৰু ৰবিশংকৰে উদ্বোধন কৰাৰ উপৰিও বিশ্ব শান্তি, সম্প্ৰীতিৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ পিছতে একাদিক্ৰমে কেইবাখনো আলোচনা চক্ৰ আৰু পোনপটীয়াসাক্ষাৎকাৰ অনুষ্ঠিত হ,ত বলিউড অভিনেতা সুনীল চেত্ৰী, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল, অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈ আদিয়ে অংশগ্ৰহণ কৰিব।

অসম তথা উত্তৰ পূৰ্বাঞ্চলক পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে দেওবাৰৰ পৰা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৫'

প্ৰথম দিনটোত অভিনেতা সুনীল চেত্ৰীয়ে ছবিজগতৰ প্ৰেক্ষাপট আৰু যুৱ উদ্যোগী সন্দৰ্ভত, কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে বাণিজ্য, ব্যৱসায়ৰ সন্দৰ্ভত, গৌৰৱ গগৈয়ে ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আৰু আন এক বিষয়ত আপৰ সাংসদ সঞ্জয় সিঙে অংশগ্ৰহণ কৰিব। একেদৰে উত্তৰ পূব আৰু সীমান্ত শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজি সিং আৰু ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ভিজিটিং এছ'চিয়েট ফেল মিৰজা জুলফিকুৰ ৰহমানে।

কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা সম্পৰ্কীয় এক আলোচনাত অংশগ্ৰহণ কৰিব বিশিষ্ট অংকলজিষ্ট ডাঃ তপন শইকীয়া, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশেষজ্ঞ চিকিসক ডাঃ অৰুণ ডেকা, দীপশিখা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক তথা আইএএছ দেৱাশীষ শৰ্মা আৰু জীনা ৰাজকুমাৰীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি সম্পৰ্কীয় এক আলোচনাত অংশগ্ৰহণ কৰিব অধিবক্তা তুলাৰাম গগৈ, বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱাৰা আৰু নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহায়ে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলক পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে দেওবাৰৰ পৰা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৫'

ঠিক একেদৰে ১৫ ছেপ্তেম্বৰ, সোমবাৰেও পুৱা ১০ বজাৰ পৰা অপাৰেচন সিন্দূৰ, অসমীয়া ছবি উদ্যোগৰ যাত্ৰা, যুৱ প্ৰজন্মৰ দৃষ্টিত অসম, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰে ৰাজ্যৰ ৰাজনীতি, ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন আদিৰ প্ৰসংগত আলোচনা চক্ৰ অনুষ্ঠিত হব। প্ৰতিখন আলোচনা চক্ৰতে প্ৰতিটো বিষয়ৰ বিশেষজ্ঞ তথা অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

অসম তথা উত্তৰ পূৰ্বাঞ্চলক পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে দেওবাৰৰ পৰা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৫'

ইতিমধ্যে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ এটা বৃহৎ দলে 'দ্য অশোক'ত এই কনক্লেভৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিগত চাৰি বছৰৰ দৰেই এইবাৰো এই কনক্লেভৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াস কৰাৰ লগতে এই অঞ্চলটোৰ সম্পদ, সম্ভাৱনা আদিক নতুনকৈ উন্মোচিত কৰাৰ এক প্ৰয়াস কৰিছে।

দ্য কনক্লেভ প্ৰতিদিন মিডিয়া নেটৱৰ্ক দিল্লী