তীব্ৰ গতিত চলিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়ৰ কাম

হাৱাখানাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয় নাম দিয়াৰ লগতে পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তীব্ৰ গতিত হাৱাখানাৰ মেৰামতিৰ কাম চলি থকাৰ লগতে চাৰিওফালে দেৱালৰ কাম সম্পূৰ্ণ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান ধুবুৰীৰ গৌৰীপুৰ চহৰৰ পূৱ দিশৰ  ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ এটি ওখ টিলাৰ ওপৰত অৱস্থিত মাটিয়াবাগ ৰাজ হাউলী। যাক হাৱাখানা বুলি জনা যায়। 

গৌৰীপুৰৰ জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই ৰাজ হাউলীটো ১৯১৪ চনতে ৩,৪০,০০০ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল। ১৯০৪ চনত ৰাজ হাউলী তথা হাৱাখানাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৯১৪ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। চীনা মিস্ত্ৰীৰ হতুৱাই সজা ৰাজ হাউলীত সৰ্বমুঠ ১৬ টা কোঠা আছে। 

এই হাৱাখানা প্ৰায় ১৩ বিঘা মাটিকালিত অৱস্থিত। কাঠৰ গুৰা, দাইল, কণী, ইটা গুৰি আৰু ঢালাই কৰা লোহাৰে ৰাজ হাউলী নিৰ্মিত কৰা বুলি জানিব পৰা গৈছে। বৃটিছৰ সময়ত অসমৰ ভিতৰত শ্বিলঙৰ গভৰ্ণৰ হাউচৰ পাছতে দ্বিতীয় ধুনীয়া আৱাস বুলি হাৱাখানা পৰিচিত আছিল। দুমহলীয়া হাৱাখানা তথা ৰাজ হাউলীৰ ওপৰ মহলাৰ মজিয়া সম্পূৰ্ণ কাঠৰে তৈয়াৰী কৰিছে। এই ৰাজ হাউলীতে হস্তি বিশাৰদ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা, গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে আৰু হস্তি কন্যাৰূপে খ্যাত পাৰ্বতী  বৰুৱাই যৌৱন আৰু বৃদ্ধ কাল কটাইছিল। 

প্ৰভাত চন্দ্ৰ বৰুৱাই সজা এই অতিথিশালাত তেখেতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ যেনে বাৰাণসী , লক্ষ্ণৌ,কলকাতা আদিৰ সংগীতজ্ঞক আমন্ত্ৰণ কৰিছিল আৰু জলছাৰ আয়োজন কৰিছিল। প্ৰমথেশ বৰুৱাৰ মুক্তি চিনেমাৰ ছুটিং মাটিয়াবাগ হাৱাখানা তথা ৰাজ হাউলিতে হৈছিল। বহু বিখ্যাত মানুহ মাটিয়াবাগ ৰাজহাউলিত অতিথি হৈ আছিল। মাটিয়াবাগ ৰাজ হাউলি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ উত্তৰসুৰি হিচাবে তেওঁৰ দ্বিতীয় পুত্ৰ প্ৰকৃতিশ বৰুৱাই লাভ কৰে আৰু তাৰ পাছত প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ উত্তৰসুৰি হিচাবে তেওঁৰ পুত্ৰ প্ৰবীৰ কুমাৰ বৰুৱা, প্ৰদ্যুৎ বৰুৱা, প্ৰীতম বৰুৱা আৰু প্ৰদীপ বৰুৱাই লাভ কৰে। 

শতায়ু গৰকা ঐতিহ্যবাহী হাৱাখানা মেৰামতি তথা সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ উপক্ৰম হোৱাত ৰাজ পৰিয়ালৰ লগতে জিলা খনৰ সচেতন মহলে বিভিন্ন সময়ত সংৰক্ষণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ ভিত্তিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে হাৱাখানা সংৰক্ষণ কৰি ৰখাৰ বাবে অধিগ্ৰহণ কৰে। পাছত হাৱাখানাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয় নাম দিয়াৰ লগতে পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

সেই মতে তীব্ৰ গতিত হাৱাখানাৰ মেৰামতিৰ কাম চলি থকাৰ লগতে চাৰিওফালে দেৱালৰ কাম সম্পূৰ্ণ হৈ উঠিছে। আনহাতে সংগ্ৰহালয় লৈ ৰাজপৰিয়ালে ৰঘুনাৰায়নৰ বৰটোপ,প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ লগতে ৰাজপৰিয়ালৰ সদস্যই কৰা হাতী,বাঘ চিকাৰ কাহিনীৰ কিতাপ, ৰজাদিনীয়া বন্দুক, তৰোৱাল,হাতী,গড়,বাঘ,হৰিণ আদিৰ মূৰ সংগ্ৰহালয়ৰ সৌন্দৰ্যৰ বাবে আগৱঢ়াইছে। 

গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱাই কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতে এই ঐতিহ্যপূৰ্ণ ৰাজ হাউলী টোৱে এতিয়া নতুন ৰূপ পাবলৈ হৈছে। অসম চৰকাৰে এই ৰাজহাউলী টোৰ সংৰক্ষণৰ কাম চলাই থকাত গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে হাৱাখানা পৰ্যটন কেন্দ্ৰ হিচাপে স্থাপিত হ'লে মাটিয়াবাগৰ লগতে সমগ্ৰ গৌৰীপুৰ উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি কয় গৌৰীপুৰৰ বিশিষ্ট সমাজ সেৱী মৃন্ময় কুমাৰ দেৱ অধিকাৰীয়ে।

গৌৰীপুৰ