/asomiyapratidin/media/media_files/2026/01/11/new-ap-web-1-40-2026-01-11-20-44-12.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত তামাঙৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ দেশৰ লগতে সংগীত জগতলৈ এক দুখবৰ কঢ়িয়াই আনিছে। মাত্ৰ ৪৩ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে ইণ্ডিয়ান আইডল চিজন ৩ বিজয়ী প্রশান্ত তামাঙে। শনিবাৰে নিশা হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত নতুন দিল্লীৰ নিজা বাসগৃহতে তেওঁৰ মৃত্যু হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-20-2026-01-11-20-40-09.jpeg)
উল্লেখ্য যে- ১৯৮৩ চনৰ ৪ জানুৱাৰীত পশ্চিম বংগৰ দাৰ্জিলিঙত জন্মগ্ৰহণ কৰিছিল প্ৰশান্ত তামাঙে। পিতৃ মদন তামাঙ আৰু মাতৃ ৰূপা তামাঙৰ গৃহত জন্ম লোৱা প্ৰশান্তই সৰুতেই এক কৰুণ দুৰ্ঘটনাত পিতৃক হেৰুৱাইছিল। তাৰ পাছত তেওঁ কলকাতা আৰক্ষীত কনিষ্টবল হিচাপে যোগদান কৰিছিল। আৰক্ষীৰ চাকৰি কৰি থকাৰ সময়তে তেওঁ আৰক্ষী অৰ্কেষ্ট্ৰাৰ অংশ হৈ নিজৰ সংগীতৰ প্ৰতিভাক বিকাশ কৰাৰ সুযোগ পাইছিল আৰু তাৰ পৰাই তেওঁৰ সংগীত জীৱনৰ আধাৰশিলা নিৰ্মাণ হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-2026-01-11-20-40-33.jpeg)
২০০৭ চনত, তেওঁ ইণ্ডিয়ান আইডলৰ তৃতীয় ছিজনৰ বিজয়ী মুকুট পিন্ধিছিল। সেই সময়ত তেওঁ প্ৰায় ৭ কোটি ভোট লাভ কৰি এক ইতিহাস ৰচনা কৰিছিল আৰু নিজৰ সুমধুৰ কণ্ঠৰে সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰিছিল। এই জয়ে তেওঁৰ বাবে বহুতো নতুন দুৱাৰ মুকলি কৰি দিছিল। ইয়াৰ পাছতে তেওঁ ধন্যবাদৰ দৰে জনপ্ৰিয় এলবাম উপহাৰ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিল। সংগীতৰ সমান্তৰালভাৱে তেওঁ অভিনয় জগততো খোজ দিছিল। ২০১০ চনৰ নেপালী ছবি গোৰ্খা পল্টনৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-2-2026-01-11-20-40-47.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us