নিষ্ঠাৱান সাংবাদিক শিক্ষক প্ৰশান্ত কুমাৰ আৰু নাই

বনমেৰু কেঞ্চাৰত আক্ৰান্ত হোৱাত আজি পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে সাংবাদদাতাগৰাকীৰ। ইপিনে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫১ বছৰ। 

author-image
Asomiya Pratidin
New Update
new ap web 3 (27)

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন কাকতৰ খৈৰাবাৰীৰ বিশেষ সাংবাদদাতা প্ৰশান্ত কুমাৰৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। বিগত কেইবাটা বছৰ ধৰি তেওঁ চিকিৎসা কৰি আছিল । কিন্তু বনমেৰু কেঞ্চাৰত আক্ৰান্ত হোৱাত আজি পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে সাংবাদদাতাগৰাকীৰ। ইপিনে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫১ বছৰ। 

WhatsApp Image 2025-12-23 at 9.25.33 AM

উল্লেখ্য তেওঁ সংবাদদাতাৰ ওপৰি এদজন শিক্ষকো আছিল। বহু নিষ্ঠাৰে তেওঁ সকলো কাম কৰিছিল। লগতে এজন শান্ত প্ৰকৃতিৰ লোক আছিল। ইপিনে ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ আজি প্ৰায় এসপ্তাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভেষজৰোগ বিভাগত অ্ৰৰ্ন্তদ্বাৰ ৰোগী হিচাপে চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা খুবেই সংকটজনক আছিল। আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে খৈৰাবাৰীৰ পৰা নিজ ঘৰলৈ উভটাৰ পথত সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত সোঁভৰিৰ হাড় ভঙা কুমাৰক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাত অস্ত্ৰোপচাৰে নেইলিং সম্পাদন কৰিছিল। 

WhatsApp Image 2025-12-23 at 9.25.32 AM

তাৰ তিনি-চাৰিমাহ পাছতে সাংবাদিকগৰাকীৰ হাড় ভঙা ভৰিৰ স্থানত হোৱা ইনফেকচনৰ বাবে পুণৰ একেখন চিকিৎসালয়ত অস্ত্ৰপ্ৰচাৰ সম্পাদন কৰি নেইলিং শৰীৰৰ পৰা উলিয়াই দিয়া হয়। ইয়াৰ পাছৰে পৰা কুমাৰৰ শৰীৰৰ দেখা দিয়ে ৰক্তহীনতা ৰোগ। ফলত তেওঁৰ দেহত হিমগ্লবিনৰ পৰিমান হ্ৰাস হৈ হয় ৫ ৰ পৰা ৫.৫০ আৰু ইয়াৰ বাবে গুৱাহাটীৰ আৰ্য উইলনেছ চেন্টাৰত চিকিৎসা আৰম্ভ কৰিছিল  কুমাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কুমাৰৰ একাধিকবাৰ বনমেৰু পৰীক্ষাসম্প্ৰন্ন কৰিছিল যদিও প্ৰতিবাৰতেই তেওঁৰ পৰীক্ষাৰ ফলাফল ঋণাত্মক আছিল। 

হিমগ্লবিনৰ পৰিমান বৃদ্ধি নোপোৱাত দুই/এক মাহৰ মূৰত ২/৩ চিচি পৰিমানৰ ৰক্ত লৈ চিকিৎসা চলাই গৈছিল কুমাৰে। ইয়াৰ মাজতে উন্নত চিকিৎসাৰ বাবে কুমাৰ চেন্নাইৰ এপলো চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও কোনো সুফল নোপোৱাত ঘৰলৈ উভটি আহে। 

ভুতৰ ওপৰত দানহ পৰাদি চেন্নাইৰ পৰাৰ উভটি অহাৰ দুদিন পিছতেই নিজ ঘৰৰ বাৰান্দাতে পৰি গৈ কুমাৰৰ ভৰিৰ হিপ জইন্ট ভাঙি যায়। তাৰ পিছত পুণৰ ৪/৫ মাহ বিছনাত পৰি থাকে যদিও তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰাত এদাল লাখুটিৰ সহায়ত খোজ কাঢ়িব লগীয়া হয় কুমাৰ । এই সময়চোৱাত ৰক্তহীনতাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত কেইবাবাৰো ৰক্ত গ্ৰহণ কৰে কুমাৰে আৰু এইক্ষেত্ৰত কুমাৰৰ খৈৰাবাৰীৰ বন্ধুবৰ্গৰ লগতে মঙলদৈ বিশিষ্ট ৰক্তদাতা শেখৰ মজুমদাৰ আৰু হৰিমন ডেকাই যথেষ্ট সহায়-সহযোগিতা কৰে। ৰক্তহীনতা ৰোগৰ বাবে আজি ছমাহ পূৰ্ব্বে গুৱাহাটীৰ সৰ্ব্বভাৰতীয় আয়ুবেদ প্ৰতিষ্ঠান (এইমচ) ত চিকিৎসা আৰম্ভ কৰিছিল  কুমাৰে । এইমচত কুমাৰৰ পুনৰ বনমেৰু পৰীক্ষা কৰাত তেওঁ Myelodysplastic syndromes (MDS) আক্ৰান্ত হোৱাটো নিশ্চিত কৰে। 

WhatsApp Image 2025-12-22 at 11.20.26 PM (2)

ইয়াৰ বাবে তেওঁক চিকিৎসকে Bone Marrow Transplant (BMT)ৰ পৰামৰ্শ দিয়ে। সেই মৰ্মে কুমাৰে যোৱা ১০ অক্তোবৰত নভি মুম্বাইৰ Advance Centre for Cancer Treatment, Research and Education in Cancer (ACTREC), Under TATA Memorial Centre ত চিকিৎসাৰ বাবে  গৈছিল। 

চিকিৎসকে তেওঁক Bone Marrow Transplant (BMT)সম্পৰ্কত যাৱতীয় প্ৰস্তুতিৰ কথা জনাই যদিও সেই সময়ত বনমেৰুৰ দাতা নথকা বাবে ১৯ অক্তোবৰত কুমাৰ পুণৰ অসমলৈ উভটি আহে। নৱেম্বৰ মাহৰ ১৫ তাৰিখত পুনৰ মুম্বাইলৈ উভটি গৈ কুমাৰে তাত বনমেৰুৰ চিকিৎসা কৰাৰ কথা আৰু তাৰ বাবে মুম্বাইৰ অসম ভৱনৰ কোঠাৰ বাবে আবেদনো কৰিছিল। 

কিন্তু কুমাৰে মুম্বাইলৈ গৈ চিকিৎসা কৰাৰ সলনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হেমাটোলজি বিভাগত যোৱা ১০ নৱেম্বৰৰ পৰা চিকিৎসা আৰম্ভ কৰে।  উক্ত চিকিৎসালয়ত কেমোথেৰাপী গ্ৰহণ কৰি ঘৰত থকাৰ সময়চোৱাত কুমাৰৰ শৰীৰত কেতবোৰ আনুসংগিক উপসৰ্গই দেখা দিয়ে। ইয়াৰ বাবে কুমাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত ১১ ডিচেম্বৰত গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । উক্ত চিকিৎসালয়ৰ পৰা ঘৰলৈ কুমাৰ নিয়াৰ দুদিন পিছত সাংবাদিকগৰাকী পুনৰ অসুস্থ হোৱাত ১৭ ডিচেম্বৰত তেওঁক পুণৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল । 

খৈৰাবাৰী