ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়াৰ কাৰ্যভাৰ গ্ৰহণ

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশনা লাভ কৰি শুক্ৰবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰাঞ্জল চুতীয়াই । সভাপতি চুতীয়াক ঢকুৱাখনা কংগ্ৰেছৰ কেইবা শতাধিক নেতা কৰ্মীয়ে সদৰ চাৰিআলিৰ পৰা গায়ন- বায়ন, ঢোলে দগৰে আদৰি আনি ৰাজীৱ ভৱনত প্ৰৱেশ কৰে ।

author-image
Asomiya Pratidin
New Update
121342343

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশনা লাভ কৰি শুক্ৰবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰাঞ্জল চুতীয়াই । সভাপতি চুতীয়াক ঢকুৱাখনা কংগ্ৰেছৰ কেইবা শতাধিক নেতা কৰ্মীয়ে সদৰ চাৰিআলিৰ পৰা গায়ন- বায়ন, ঢোলে দগৰে আদৰি আনি ৰাজীৱ ভৱনত প্ৰৱেশ কৰে ।

ৰাজীৱ ভৱনৰ সন্মুখত ধূপ চাকিৰে আদৰণি জনাই ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ , ঢকুৱাখনা ব্লক কংগ্ৰেছ জিন্দাবাদ , প্ৰাঞ্জল চুতীয়া জিন্দাবাদ , গৌৰৱ গগৈ জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি ৰাজপথ আৰু ৰাজীৱ ভৱন চৌহদ উত্তাল কৰি তোলে । অগণন দলীয় সতীৰ্থ  ,জ্যেষ্ঠ কনিষ্ঠ নেতা কৰ্মীৰ উৎসাহপূৰ্ণ উপস্থিতিৰ মাজতে ৰাজীৱ ভৱন প্ৰাংগণত কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।  

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক তথা লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰভাৰী ৰাজকুমাৰ নীল নেত্ৰ নেওগ , লখিমপুৰ জিলা কংগ্ৰেছৰ  সভাপতি গঙ্গা জ্যোতি টায়েগাম ,  উপ সভাপতি ভোগেশ্বৰ লাগাছু , সাংগঠনিক সম্পাদক গোপাল কৃষ্ণ কাকতি , সম্পাদক ব্ৰজেন চিৰিং ,কুশল খনিকৰ, সম্পাদক অনুপ বৰুৱা ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগম , সম্পাদিকা অনু দিহিঙীয়াকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক নেতা কৰ্মী উপস্থিত থাকে এই জনাকীৰ্ণ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত । জিলা কংগ্ৰেছৰ প্ৰভাৰী আৰু জিলা নেতৃবৰ্গই  বক্তব্য আগবঢ়োৱা জনাকীৰ্ণ সভাত কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত সভাপতি চুতীয়াই  প্ৰগতিশীল চিন্তা চৰ্চাৰে ঢকুৱাখনাৰ শোষিত নিষ্পেষিত ৰাইজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত দলে অৰ্পণ কৰা  সাংগঠনিক দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি যাব বুলি কৈ  এইক্ষেত্ৰত দলৰ প্ৰতিগৰাকী নীতি নিষ্ঠ প্ৰবীণ নবীন কৰ্মীৰ সহায় সহযোগিতা কামনা কৰি কাৰ্যভাৰ গ্ৰহণ কৰে  ।

নৱনিযুক্ত ব্লক সভাপতিগৰাকীক উপস্থিত দলীয় নেতা কৰ্মী সকলৰ লগতে  বিভিন্ন মণ্ডল সমিতিয়ে গামোচা পিন্ধাই শুভেচ্ছা জনাই চুতীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । ইপিনে  ব্লক কংগ্ৰেছৰ একাংশ দলীয় নেতা কৰ্মী আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মীয়ে আজিৰ অনুষ্ঠানত ইচ্ছাকৃতভাৱে অনুপস্থিত থকা পৰিলক্ষিত হয় ।  আভ্যন্তৰীণ বাদ বিসম্বাদ আৰু এচাম দলীয় নেতৃত্বৰ স্বেচ্ছাচাৰী কাৰ্যকলাপত অতিষ্ঠ হৈ অনুষ্ঠানৰ পৰা আঁতৰি থকা বুলি স্পষ্টভাৱে জনায় । 

কংগ্ৰেছ