ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নতুন সভাপতি প্ৰাঞ্জল চুতীয়া

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোক অধিক জনমুখী আৰু গতিশীলতা প্ৰদানত আত্মনিয়োগ কৰিছে

author-image
Asomiya Pratidin
New Update
173

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোক অধিক জনমুখী আৰু গতিশীলতা প্ৰদানত আত্মনিয়োগ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ ব্লক কংগ্ৰেছত নতুন মুখৰ সদা সক্ৰিয় যুৱ শক্তিৰ হাতত প্ৰশাসনিক নেতৃত্ব প্ৰদান কৰি দুগুণ উদ্যম আৰু দুৰন্ত শক্তিৰে সাংগঠনিক ভেটি গঢ় দিয়াত মনোনিবেশ কৰিছে সভাপতিগৰাকীয়ে ।

তাৰেই অংশ হিচাপে দেওবাৰে ৰাজ্য জুৰি গৰিষ্ঠ সংখ্যক ব্লক কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে । দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈ স্বাক্ষৰিত প্ৰসংগ নং এ পি চি চি / অৰ্ডাৰ /৩৮৮ নম্বৰ নিৰ্দেশনা যোগে ৰাজ্যখনৰ মুঠ ৩৮ খন ব্লক কংগ্ৰেছত নতুন সভাপতি নিযুক্তি দিছে ।

নিৰ্দেশনা অনুসৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি হিচাবে নিযুক্তি দিছে কেঁকুৰী মণ্ডল কংগ্ৰেছৰ প্ৰাঞ্জল চুতীয়াক । ঢকুৱাখনাৰ সোনাৰী চাপৰি সাপেখাটি নিবাসী সদা সক্ৰিয় যুৱ নেতা চুতীয়াই বিগত দশকৰো অধিক কাল নিৰবিছিন্ন ভাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি উৎস্বৰ্গিত সেৱা আগবঢ়াই আহিছে ।  

কেঁকুৰী মণ্ডল কংগ্ৰেছৰ সম্পাদক হিচাবে , লখিমপুৰ জিলা কংগ্ৰেছৰ পূৰ্বৰ সমিতিৰ লগতে নব গঠিত জিলা কংগ্ৰেছ সমিতিখনৰো সাধাৰণ সম্পাদক হিচাবে সেৱা আগবঢ়াই অহা চুতীয়া বৃহত্তৰ সোনাৰী চাপৰিৰ সকলো সামাজিক সাংস্কৃতিক সংগঠনৰ এগৰাকী অগ্ৰণী সক্ৰিয় সেৱক হিচাবে সৰ্বপৰিচিত আৰু সৰ্ব সমাদৃত  । ৰাজনৈতিক ক্ষেত্ৰখনৰ সমান্তৰাল ভাৱে এগৰাকী আদৰ্শ মীন পালক আৰু  মুগা পালক হিচাবে আত্মনির্ভৰশীলতাৰ দৃষ্টান্ত দাঙি ধৰি অহা চুতীয়াক ব্লক সভাপতি হিচাবে নিযুক্তি দিয়াত ঢকুৱাখনা কংগ্ৰেছ মহল উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে ।

দেওবাৰে নতুন ব্লক সভাপতি হিচাবে নিযুক্ত হোৱা চুতীয়া ঢকুৱাখনাত উপস্থিত হোৱাত দলীয় কৰ্মী সকলে উষ্ণ আদৰণি জনাই । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ দায়িত্ব লাভ কৰিয়েই প্ৰথমেই  চুতীয়াই দলৰ জ্যেষ্ঠ কৰ্মী নেতা সকলৰ ঘৰে ঘৰে উপস্থিত হৈ আশীৰ্বাদ কামনা কৰে ।

চুতীয়াৰ নেতৃত্বত ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিয়ে নব্য গতি লাভ কৰিব বুলি আশাবাদী কংগ্ৰেছ কৰ্মী সকলে সহযোগিতা আগবঢ়োৱাৰ বিশ্বাস প্ৰদান কৰে । নৱনিযুক্ত ব্লক সভাপতি চুতীয়াই দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ ,অগ্ৰজ , অনুজ আৰু সতীৰ্থৰ আশীৰ্বাদ ,পৰামৰ্শ আৰু কায়িক সহযোগিতাৰে দলৰ গতি তৰান্বিত কৰাত আত্মনিয়োগ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে । চুতীয়াই দলৰ সাংগঠনিক শক্তিস্তম্ভ স্বৰূপ মহিলা কংগ্ৰেছ ,যুৱ কংগ্ৰেছ , সেৱা বাহিনী , এন এছ ইউ আই আৰু সকলো মর্চাৰ সহযোগিতাৰে এক শক্তিশালী কংগ্ৰেছৰ বুনিয়াদ গঢ় দিবলৈ সংকল্পবদ্ধ বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে এই নিৰ্দেশনা যোগে বগীনদী ব্লক কংগ্ৰেছৰ সভাপতি হিচাবে বলীন তামুলী আৰু.লখিমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে দিপেন গগৈক নিযুক্তি দিছে ।

ঢকুৱাখনা কংগ্ৰেছ