প্ৰণেশ দেৱনাথলৈ অটল ভাৰত গৌৰৱ সন্মান ২০২৫

উক্ত বঁটা বিতৰণী অনুষ্ঠানত ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, অসম বিধানসভাৰ উপাধ্যক্ষ ড° নোমল মমিন , কেবিবেট মন্ত্ৰী কেশৱ মহন্ত ,বিধায়ক বিনোদ হাজৰিকা আদিকে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  অন্তৰীক্ষ বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অনবৈদ্য সেৱাৰ বাবে প্ৰণেশ দেৱনাথক অটল ভাৰত গৌৰৱ সন্মান ২০২৫ ৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

এৱাৰ্ড ট্ৰাষ্ট অব ইণ্ডিয়াই উক্ত বঁটা কাইলৈ নেডফিত আয়োজিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি লায়ন প্ৰণেশ দেৱনাথলৈ আগবঢ়োৱা হ'ব। উক্ত বঁটা বিতৰণী অনুষ্ঠানত ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, অসম বিধানসভাৰ উপাধ্যক্ষ ড° নোমল মমিন , কেবিবেট মন্ত্ৰী কেশৱ মহন্ত ,বিধায়ক বিনোদ হাজৰিকা আদিকে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। 

কোকৰাঝাৰৰ প্ৰণেশ দেৱনাথ সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱাত জিলাখনত আনন্দৰ বন্যা বৈছে। উল্লেখ্য যে নতুন দিল্লীৰ এৱাৰ্ড ট্ৰাষ্ট অব ইণ্ডিয়াই প্ৰতিবছৰে বিভিন্ন ক্ষেত্ৰত অসাধাৰণ পাৰদৰ্শিতা আগবঢ়োৱা ব্যক্তি সকললৈ বঁটা প্ৰদান কৰি আহিছে ।

এইবেলি উত্তৰ -পূৱাঞ্চলৰ পৰা নিৰ্বাচিত হোৱা প্ৰণেশ দেৱনাথ কোকৰাঝাৰ তিতাগুৰি নিৱাসী স্বৰ্গীয় প্ৰতাপ চন্দ্ৰ দেৱনাথ আৰু শ্ৰীমতী আৰতি দেৱনাথৰ পুত্ৰ। তেওঁ বৰ্তমান মুছকান এৰোস্পেছৰ চিফ অপাৰেটিং অফিচাৰ (COO) হিচাপে কৰ্মৰত।

তেওঁ এজন ISRO Space Tutor আৰু ISRO Merchandiser. ইয়াৰোপৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া অধ্যাপক নিউয়র্ক বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ সুবৰ্ণ আইজেক বাৰীৰ ভাৰতীয় সমন্বয়ক হিচাপেও প্ৰণেশ দেৱনাথ কাম কৰি আহিছে।

তেওঁ উত্তৰ পূব ভাৰতত অন্তৰীক্ষ বিজ্ঞান সচেতনতা, STEM শিক্ষা আৰু যুৱ শক্তিৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। তদুপৰি পোণ প্ৰথমবাৰৰ বাবে বিটিচি এলেকাৰ ১২ খন বিদ্যালয়ত প্ৰণেশ দেৱনাথৰ উদ্যোগতে মহাকাশ গৱেষণাগাৰ স্থাপন কৰি ইতিহাস সৃষ্টি কৰিছিল।

বৰ্তমানে কোকৰাঝাৰ লায়ন্স ক্লাৱ গ্ৰেটাৰৰ উপ সভাপতিৰ পদ অলংকৃত কৰি থকা লায়ন প্ৰণেশ দেৱনাথ জিলাখনৰ এজন আগশাৰীৰ সমাজকৰ্মী আৰু ৰক্তদান আৰু ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলাখনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।

ইপিনে সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত লায়ন প্ৰণেশ দেৱনাথে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰি এই স্বীকৃতিয়ে সমাজৰ হিতৰ বাবে কাম কৰিবলৈ অধিক অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰিছে। তদুপৰি এই বঁটাই বিজ্ঞানমনস্কতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি নবীন প্ৰজন্মক উৎসাহিত কৰি তুলিব বুলিও আশা প্ৰকাশ কৰিছে প্ৰণেশ দেৱনাথে।

 উল্লেখ্য যে কাইলৈ গুৱাহাটীৰ নেডফিত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষ ড° বিজয় কুমাৰ গুপ্তা , নেডফিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পিভিএচএলএন মুৰ্তি , আমেৰিকা ফ্লৰিডাৰ জেফাৰচন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ প্ৰফেচৰ ললিত কুমাৰ সাগৰ আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব ।

কোকৰাঝাৰ