/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-15-51-57.jpg)
ডিজিটেল ডেস্কঃ সন্মিলিত যুৱ সংঘ অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি নগাঁৱৰ প্ৰনৱ বৰুৱা কলাক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় ৷ আজি পুৱা ৯ বাজি ৩০ মিনিটত বন্তি প্ৰজ্বলন কৰে সন্মিলিত যুৱ সংঘৰ প্ৰাক্তন সভাপতি ধিৰজিৎ হাজৰিকা আৰু বৰ্তমানৰ সম্পাদক কিন্নত ইউ চেখে৷ পতকা উত্তোলন কৰে সভাপতি নিৰুৱজ্যোতি দাস,প্ৰাক্তন সভাপতি ধিৰজিৎ হাজৰিকাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp-ima-2026-01-04-15-50-57.jpeg)
উল্লেখ্য যে, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত পুস্পাঞ্জলী অৰ্পন কৰে সভাপতিকে প্ৰমুখ্যে কৰি অন্যান্য সকলে ৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নিৰৱজ্যোতি দাসে ৷ এই অনুষ্ঠানতে বটদ্ৰৱাৰ প্ৰচাৰ বিমুখ শিল্পী গোপাল দেব কাকতিক আজীৱন সংগ্ৰামী বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত তেওঁক একোখনকৈ ফুলাম গামোচা,চেলেং চাদৰ,জাপি,সম্বদ্ধৰ্না পত্ৰ,স্মাৰক,নগদ তিনি হাজাৰ টকা প্ৰদান কৰে সন্মিলিত যুৱ সংঘই ৷
/asomiyapratidin/media/post_attachments/0355eb98-083.png)
অনুষ্ঠানত পদ্মশ্ৰী দৰ্ণ ভূঞা,সহকাৰী অধ্যাপক বিজিত বৰঠাকুৰ,ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা,অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্ত,গোপাল দেৱ কাকতি,অধিবক্তা মুকল প্ৰসাদ বৰঠাকুৰ,দিপক দাস,অভিশেষ কাওৰা,অধিবক্তা জামালউদ্দিন চৌধুৰী,তিলোত্তমা হাজৰিকা,গোপাল চন্দ্ৰ হাজৰিকা,সভাপতি নিৰুপজ্যোতি দাস আৰু সাধাৰণ সম্পাদক কয়ানত ইউ চেখ,প্ৰাক্তন সভাপতি ধিৰজিৎ হাজৰিকা আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/be65a4a5-ea5.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us